মহানগৰীত গ্ৰেপ্তাৰ ভুৱা সাংবাদিক

vuwa

নিউজ ডেস্ক:
সামাজিক মাধ্যমক কলুষিত কৰা ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে।মহানগৰীৰ বশিষ্ঠআৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভুৱা সাংবাদিকগৰাকী হৈছে হিৰক কাশ্যপ।নিজকে 'নিউজ ২৪'নামৰ এটা ৱেবপৰ্টেলৰ সাংবাদিক বুলি পৰিচয় দি স্বয়ম্ভু সাংবাদিকগৰাকীয়ে মহানগৰীত সাংবাদিকতাৰ নামত ব্লেকমেইল অথবা দালালিৰ জাল মেলি দিছিল।


ইয়াৰ উপৰিও দালালৰূপী ভুৱা সাংবাদিকগৰাকীয়ে মহানগৰীৰ ভিন্ন প্ৰান্তত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ নাম লৈ বিভিন্ন  ব্যক্তিক ধনদাবী কৰি প্ৰহাৰৰ সম্মুখীন হোৱা বুলিও গ্ৰেপ্তাৰ হোৱাৰ পাছত স্বীকাৰ কৰিছে।


আনহাতে,ভুৱা সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ তদন্ত আৰম্ভ কৰিছে।

Your Comments