নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
সমগ্ৰ বিশ্বতে জল সুৰক্ষাৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে । ভাৰত তথা অসম চৰকাৰেও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।অসম চৰকাৰে ইতিমধ্যে "সমগ্ৰ শিক্ষা জল সুৰক্ষা কাৰ্যক্ৰম"ৰ অধীনত এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে । এই উদ্দেশ্যে শুক্ৰবাৰে নগাঁও জিলাৰ বেবেজীয়াত জিলা পৰ্য্যায়ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এক বৰ্ণাঢ্য শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যক্ষ তৰুণ চন্দ্ৰ দাসে । ইয়াৰ পাছতে চিত্ৰাংকন,কুইজ আৰু থিতাতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ঘোষিত ফলাফল অনুসৰি চিত্ৰাংকন প্ৰতিযোগিতাত সপ্তম শ্ৰেণীৰ ৰাজশ্ৰী মেধী প্ৰথম, একাদশ শ্ৰেণীৰ চিম্পী বৰাই দ্বিতীয়,সপ্তম শ্ৰেণীৰ গায়ত্ৰী ডেকা আৰু অষ্টম শ্ৰেণীৰ পৰিস্মীতা ডেকাই যুটীয়াভাৱে তৃতীয় ; কুইজ প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ নীলাশ্ৰী দেৱী, ধৰিত্ৰী শইকীয়া আৰু লুনা দেৱীৰ দলে প্ৰথম,একাদশ শ্ৰেণীৰ নিতুমণি দেৱী, নীহাৰিকা বৰদলৈ আৰু নন্দিনী দাসৰ দলে দ্বিতীয় তথা দ্বাদশ শ্ৰেণীৰ ৰুলী বৰা,ববীতা দেৱী আৰু মণীষা বৰাৰ দলে তৃতীয়;থিতাতে ৰচনা প্ৰতিযোগিতাত নৱম শ্ৰেণীৰ নীলাশ্ৰী দেৱীয়ে প্ৰথম,একাদশ শ্ৰেণীৰ টিনা মেধী আৰু পিংকী শইকীয়াই যুটীয়াভাৱে দ্বিতীয় আৰু দ্বাদশ শ্ৰেণীৰ ৰুলী বৰাই তৃতীয় স্থান অধিকাৰ কৰে ।
প্ৰতিযোগিতাৰ অন্তত অধ্যক্ষ তৰুণ চন্দ্ৰ দাসৰ সঞ্চালনাত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় । বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিষয়ৰ শিক্ষক পুষ্প কান্ত দাসে আঁত ধৰা আলোচনা চক্ৰখনিত খণ্ড সমল ব্যক্তিদ্বয় মণ্টুল কুমাৰ শৰ্মা আৰু তৃষ্ণা শৰ্মাই জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় । অনুষ্ঠানত মধ্যাহ্ন ভোজন আঁচনিৰ জিলা বিষয়া নয়ন মণি দাস,জিলা গাণনিক বিষয়া স্বপন বৰ্মণ,সাংবাদিক ঋতু পৰ্ণ শৰ্মা,সমাজকৰ্মী দুল মণি বৰঠাকুৰ,বেবেজীয়া-ডিমৌ-বাংঠাই পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথ,আঞ্চলিক পঞ্চায়তৰ সদস্য তপন বৰদলৈ,
বিদ্যালয় পৰিচালনা সমিতিৰ উপ-সভাপতি জোন বৰদলৈ আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক গোবিন্দ ভাওৱাল উপস্থিত থাকে । উল্লেখযোগ্য যে চিত্ৰাংকন,কুইজ আৰু থিতাতে লিখা ৰচনা প্ৰতিযোগিতা পৰিচালনা কৰাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সহায়-সহযোগ আগবঢ়ায় ।
- Log in to post comments
- 120 views