মক্কাত দুৰ্ঘটনাত পতিত হৈ অসমৰ হজ যাত্ৰীৰ মৃত্যু

mucca

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :

পৱিত্ৰ মক্কাত অসমৰ বৰাক উপত্যকাৰ আজিজুৰ ৰহমান লস্কৰ নামৰ এজন হজযাত্ৰীৰ দুৰ্ঘটনাত আহত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।বুধবাৰে  ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬ঃ ১০ বজাত  মক্কাৰ আল নূৰ হাস্পতালত অসমৰ কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টিৰ হাতিখাল গাঁও পঞ্চায়ত এলেকাৰ ভাউৰিকান্দ দ্বিতীয় খন্ডৰ বাসিন্দা আজিজুৰ ৰহমান লস্কৰৰ মৃত্যু হয়৷উল্লেখ্য যে আজিজুৰ ৰহমান য়োৱা শনিবাৰ মক্কাত এটা পথ দুৰ্ঘটনাত গুৰুতৰ আহত হৈছিল৷ ইয়াৰ পিছত কাছাৰৰ হজযাত্ৰী জনক মক্কাৰ আল নূৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৰহমানৰ মৃত্যুৰ খবৰটো পাই সোনাইৰ বিধায়ক তথা অসম বিধান সভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে গভীৰ শোকঁ প্ৰকাশ কৰিছে৷
 

Your Comments