হোজাইত ৰন্ধন গেছৰ চিলিণ্ডাৰত অগ্নি সংযোগ ঘটি আহত মাতৃ-কণ্যা

hojai

হোজাইৰ পৰা মনোজ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লংকাৰ ১নং পিপলপুখুৰীত অঘটন।ৰন্ধন গৃহৰ গেছ চিলিণ্ডাৰত অগ্নি সংযোগ ঘটি কণ্যাসহ এগৰাকী মহিলা গুৰুতভাৱে অগ্নিদগ্ধ হয়।অগ্নিদগ্ধ কণ্যা আৰু মাতৃ গৰাকীৰ নাম ক্ৰমে বিনীতা দেৱী(১২) আৰু গৰাকীৰ নাম একাচেনী দেৱী (৩৫)। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, হোজাই জিলাৰ লংকাৰ ১নং পিপলপুখুৰীৰ বিনীতা দেৱী নামৰ  কিশোৰী গৰাকীয়ে নিজৰ ৰন্ধন গৃহত খাদ্যবস্ত প্ৰস্তুত কৰি থকাৰ সময়তে গেছৰ চিলিণ্ডাৰত জুইৰ সূত্ৰপাত ঘটি বিনীতাক জুয়ে আগুৰি ধৰে আৰু তেনে অৱস্থাতে নিজৰ কন্যাক বছাবলৈ যোৱা মাতৃ একাচেনী দেৱীৰ গাতো জুইৰ সংযোগ ঘটে। পিছত পৰিয়ালৰ লোকে দুয়োকে ততাতৈয়াকৈ লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায়। উল্লেখ যে, চিলিণ্ডাৰৰ ৰেগুলেটৰৰ চুইছ পূৰ্বৰ পৰাই খোলা থকাত এনে ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

Your Comments