নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :
নলবাৰী জিলাৰ বাহঁজানীৰ অন্তৰ্গত তিলানা গাওঁৰ ধৰ্মপ্ৰাণ মহিলা, আদৰ্শ মাতৃ তথা সৰবৰাহী মহিলা সুমিত্ৰা তামুলীৰ বৃহস্পতিবাৰে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ ৷ তেওঁ বিগত কিছুদিন আগৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল যদিও কেইদিনমান আগৰ পৰা স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটি বৃহস্পতিবাৰে নিজ গৃহত মৃত্যু হয়।প্ৰয়াত তামূলী অঞ্চলটোৰ ধৰ্মপ্ৰাণ মহিলা হিচাপে পৰিচিত হোৱাৰ লগতে এগৰাকী আদৰ্শবান আৰু সমাজপ্ৰিয় মহিলা আছিল। তেওঁৰ মৃত্যুত তিলানা গাঁও উন্নয়ন সমিতিৰ সভাপতি জীতেন্দ্ৰ নাথ কলিতা, সম্পাদকদ্বয় ব্ৰজেন কলিতা,মিন্টু তামুলী,তিলানা যুৱ সমাজ,তিলানা যুৱক সংঘ, তিলানা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি,তিলানা মধ্য ইংৰাজী বিদ্যালয়, সমাজ কৰ্মী গনেশ তামুলী, মুগকুছি উন্নয়ন সমিতি সহ বিভিন্ন দল সংগঠনৰ নেতৃত্বই শোক প্ৰকাশ কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত তেওঁ স্বামীৰ লগতে একমাত্ৰ পুত্ৰ বিজয় তামুলী, বোৱাৰী, একমাত্ৰ জী -জোৱাই, নাতি নাতিনীৰ লগতে অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায় ।
- Log in to post comments
- 25 views