টুপিয়া ব্ৰাহ্মন সমাজৰ জ্যেষ্ঠ পুৰুহিত যাদৱ ফুকনৰ বিয়োগ 

chandan

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন :

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত টুপিয়া ব্ৰাহ্মন সমাজৰ এজন জ্যেষ্ঠ পুৰুহিত যাদৱ ফুকনৰ (৯৭) আজি বিয়লি ৪ বাজি ১৫ মিনিটত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । অতি সহজ-সৰল তথা অমায়িক স্বভাৱৰ যাদৱ ফুকন পুৰুহিত আৰু বাহ্মন সমাজৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল । তেওঁৰ মৃত্যুত ব্ৰাহ্মন সমাজৰ লগতে দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ কৰ্মকৰ্তাসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি গভীৰ শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত যাদৱ ফুকনে পত্নী, পুত্ৰ-বোৱাৰী, দুগৰাকী নাতিনীক এৰি থৈ যায় ।

Your Comments