নগাঁৱৰ শেনছোৱাত বিশ্ব স্তনপ্ৰাণ সপ্তাহৰ সামৰণি অনুষ্ঠান

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা : 

পোষন অভিযানৰ জৰিয়তে প্ৰসূতি মহিলা আৰু শিশুৰ স্বাস্থ্য সন্দৰ্ভত বুধবাৰে সমাজ কল্যাণ বিভাগৰ অধীনস্থ খাগৰিজান শিশু সংহত প্ৰকল্পৰ উদ্যোগত অনুষ্ঠিত হয় শিশু আৰু মাতৃ সমাৰোহ । এই উপলক্ষে শেনচোৱা ৰাস মন্দিৰত বিশ্ব স্তনপান  সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা সজাগতা সভাত অংশ গ্ৰহণ কৰি নগাঁও সমাজ কল্যান বিষয়া দিনেশ দাসে কয় যে দেশৰ প্ৰতিগৰাকী মাতৃ আৰু শিশুৰ জীৱন নিৰোগী কৰি ৰখাটোৱেই হৈছে ‌আঁচনি খনৰ মূল মন্ত্ৰ । সেয়ে আঁচনিখনৰ সফল ৰূপায়নৰ বাবে গুৰুত্ব দিব লাগিব । প্ৰসঙ্গ ক্ৰমে যি সকল মহিলা পুষ্টিহীনতা , ৰক্তহীনতাৰ লগত জৰ্জৰিত , সেই  সকলক এই ৰোগৰ পৰা মুক্তি দি সুস্থ জীৱন যাপনৰ কৰাত সহযোগ কৰিব লাগিব । প্ৰকল্পটোৰ মূখ্য সেৱিকা ৰুলী মণি শইকীয়াই আঁত ধৰা আৰু গায়ত্ৰী বৰঠাকুৰে উদ্দেশ্য বাখ্যা কৰা সভাখনত প্ৰধানমন্ত্ৰী মাতৃ বন্দনাৰ নগাঁও জিলাৰ সমন্বয়ক ক্ৰমে কাকলি কলিতা , কৃৰ্তি কলিতা , ভবেন বৰা , হোজাই জিলা সমন্বয়ক কুইন বৰা , সাগৰ সেনগুপ্তই অংশ গ্ৰহণ কৰে । সভাখনত মূখ্য সেৱিকা ৰশ্মি বৰকাকতি , পিঙ্কি বৰা ,  উপমা শৰ্মা বৰুৱা , ৰুবী বৰা , বিউতি জাহান , চিংকী বৰা লগতে বিপুল বৰা , সাংবাদিক দেৱজিৎ হাজৰিকা আদিৰ লগতে বেবেজীয়া,শেনছোৱা আদি অঞ্চলৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলে অংশ গ্ৰহণ কৰে । এই সভাতেই গৰ্ভৱতী মহিলা পঞ্চামৃত আৰু শিশুক  অন্ন সেৱন কৰোৱা হয় । ইয়াৰ পূৰ্বে এই আঁচনিৰ সজাগতা সৃষ্টিৰ বাবে শোভাযাত্ৰা উলিওৱা হয় ।

Your Comments