বঙাইগাঁওঃ
চৰকাৰী শোষণ-বঞ্চনা, প্ৰতাৰণা আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক ) শিক্ষক সন্থাৰ অন্তৰ্গত বঙাইগাঁও জিলা সমিতিয়ে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বঙাইগাঁও জিলাৰ বিদ্যালসমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহত পুৱা ১১ বজাৰ পৰা দিনৰ ২ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে মূলত তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰা বিভিন্ন বিদ্যালয়ৰ অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ ২০১৬ চনৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰক, আমাক শিক্ষকৰ মৰ্যদা দিয়ক, উচ্চ ন্যায়ালয়ত চৰকাৰে জনোৱা পুনৰীক্ষণ আবেদন প্ৰত্যাহাৰ কৰক, আমাৰ চাকৰি বিনাচৰ্তে নিয়মীয়া কৰক আদি শ্লোগান দি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷ পিছত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত জিলা সমিতিয়ে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰিসমূহ বিনাচৰ্তে নিয়মীয়াকৰণ কৰাৰ লগতে আন দাবীসমূহ সমাধান কৰাৰ দাবীত জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
ইপিনে অৱস্থানত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বঙাইগাঁও জিলা মাধ্যমিক অতিৰিক্ত ( ঠিকাভিত্তক) শিক্ষক সন্থাৰ সভাপতি হিৰণ্য বৰুৱা আৰু সম্পাদক সবিন কুমাৰ ৰাভাই কয় যে মাধ্যমিক শিক্ষাৰ মান উন্নত কৰাৰ পদক্ষেপ হিচাপে চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি ২০১০ চনত ইংৰাজী, বিজ্ঞান, গণিত আৰু সমাজ বিজ্ঞান বিষয়ৰ পাঠদানৰ বাবে অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলক নিযুক্তি দিছিল আৰু তেতিয়াৰে পৰাই আমি ছাত্ৰ- ছাত্ৰীকলৰ উন্নতিৰ স্বাৰ্থত অতি নিষ্ঠাৰে পাঠদান কৰি আহিছো ৷ বিগত ২০১৬ চনত চৰকাৰে চাকৰিসমূহ নিয়মীয়াকৰণৰ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পিছত পৰৱৰ্তী বিজেপি চৰকাৰে কিন্তু আজিলৈকে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ নকৰিলে ৷ তাৰোপৰি আন স্থায়ী চাকৰিয়াল তথা শিক্ষকসকলৰ দৰে আমিও হাইস্কুল শিক্ষান্ত পৰীক্ষা, এন আৰ চি, নিৰ্বাচনী কাম - কাজ আদিত জৰিত হৈ দায়িত্ব পালন কৰি আহিছো ৷ তাৰ পিছতো কিন্তু আমাৰ চাকৰিৰ ভবিষ্যৎ নোহোৱা হৈছে ৷
গতিকে আমি বাধ্য হৈ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে বুলিও কয় ৷ জিলা সমিতিয়ে ২০১৬ চনত চৰকাৰে লোৱা কেবিনেট সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰি ঠিকাভিত্তক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে জনোৱা পুনৰীক্ষণ আবেদন উঠাই লোৱাৰ দাবী জনায় ৷ উল্লেখ্য যে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে বঙাইগাঁও জিলা সমিতিয়ে ইতিমধ্যে ২, ৩, ৫ আৰু ৬ আগষ্টত চাৰিদিনীয়াকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সেইদৰে সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে অহা ৫ চেপ্তেম্বৰত শিক্ষক দিৱস বৰ্জনৰ কাৰ্যসূচীও ঘোষণা কৰিছে বুলি জিলা সমিতিয়ে জানিবলৈ দিয়ে ৷
- Log in to post comments
- 7 views