লাহৰীঘাটৰ পৰা শ্বামিমুল ইছলাম
বন্যাৰ্তসকলক সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ লাহৰীঘাট অঞ্চলৰ যুৱ নেতা তথা বিশিষ্ট সমাজসেৱক জাবেদ আলী মৰলৰ লগতে তেওঁৰ সহধৰ্মিনী তছলিমা বেগমে যোৱা ৫ আগষ্টত ৫৫ হেজাৰ টকাৰ এখন চেক আগবঢ়াই। বিশিষ্ট সমাজ সেৱকগৰাকীৰ এনে পদক্ষেপক লাহৰীঘাটবাসীয়ে উষ্ম আদৰণি জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।উল্লেখ্য যে,টেঙাগুৰিৰ হাতীলৰুৱা পথাৰ গাঁৱৰ মৰহুম অহেদ আলী মৰলৰ পুত্ৰ জাবেদ আলী মৰলে বানপানীৰ সময়ত টেঙাগুৰী,টেঙাগুৰী কছাৰীগাওঁ,মহমাৰী পথাৰ, ঔতলাবড়ী,হাতীলৰুৱা পথাৰকে আদি কৰি বিভিন্ন এলেকাৰ বানাক্ৰান্তসকলৰ মাজত বিভিন্ন ধৰণেৰে সাহায্য আগবঢ়াইছে।
- Log in to post comments
- 13 views