কাজিৰঙাৰ বন্য জন্তুক 'জিৰণি"ৰ খাদ্য সামগ্ৰী যোগান

jirni

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

 ৬ আগষ্টঃনগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ স্বেচ্ছাসেৱী অনুষ্ঠান" "জিৰণি"ৰ উদ্যোগত সোমবাৰে কাজিৰঙাৰ বন্য জন্তুৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰা হয়। বিশেষকৈ হাতীৰ বাবে ২০০ ৰো অধিক কলগছ যোগান ধৰে । 'জিৰণি"ৰ  কৰ্ম-কতা সকলে বাগৰি আৰু কহঁৰা বনাঞ্চলত এই খাদ্য সামগ্ৰী বিতৰণ কৰে। কামপুৰ আৰু কঠিয়াতলী ৰাইজৰ সহযোগত বন্যপ্ৰাণীক খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে বানাক্ৰান্ত অঞ্চলৰ শিশুৰ মাজত কাপোৰ, কিতাপ আদি বিতৰণ কৰে বুলি 'জিৰণি'ৰ সম্পাদিকা চিত্ৰলেখা দাসে জানিবলৈ দিয়ে।

Your Comments