পঞ্চায়ত আৰু পৌৰনিগমৰ পাছত এইবাৰ বিধায়ক হ'বলৈ প্ৰয়োজন হ'ব প্ৰাৰ্থীৰ নূন্যতম অৰ্হতা: হিতেন্দ্ৰ নাথ গোস্বামী

assembly

নিউজ ডেস্ক:

অহা ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লে প্ৰতি গৰাকী প্ৰাৰ্থীৰ বাবে প্ৰয়োজন হ'ব নূন্যতম শিক্ষাগত অৰ্হতা। এই কথা ইতিমধ্যে প্ৰকাশ কৰিছে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে। গোস্বামীয়ে জানিবলৈ দিয়া অনুসৰি অহা বিধানসভাৰ নিৰ্বাচনত যিকোনো ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰো বুলিয়ে কৰিব নোৱাৰিব। প্ৰতিদ্বন্দ্বিতাৰ বাবে প্ৰাৰ্থীৰ থাকিব লাগিব নূন্যতম শিক্ষাগত অৰ্হতা। এই সন্দৰ্ভত অসম বিধানসভাত ইতিমধ্যে গ্ৰহণ কৰা হৈছে সিদ্ধান্ত। লগতে সমগ্ৰ বিষয়টোক লৈ অসম বিধানসভাত আলোচনা চলি থকা বুলিও তেওঁ জানিবলৈ দিয়ে।

 

উল্লেখ যে ইতিমধ্যে পঞ্চায়ত আৰু নিগম নিকায়ৰ সদস্যসকলৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে নূন্যতম শিক্ষাগত অৰ্হতা। ইয়াৰ উপৰি সদস্যসকলৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। একেদৰে প্ৰাৰ্থীগৰাকীৰ ঘৰত  অনাময় সু-ব্যৱস্থা থাকিব লাগিব। তেনে প্ৰাৰ্থীয়েহে লাভ কৰিব প্ৰাৰ্থীত্ব।

Your Comments