শুকান মাছৰ গুদামকে পি এম এ ৱাই আৱাসৰ নামত উদ্বোধন কৰিলে ৰহাৰ বিধায়কে

শুকান মাছৰ গুদামকে পি এম এ ৱাই আৱাসৰ নামত উদ্বোধন কৰিলে ৰহাৰ বিধায়কে

প্ৰধান মন্ত্ৰী আবাস গৃহৰ নামত শুকান মাছৰ গুদামকে শুভ উদ্বোধন কৰিলে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে ৷ এই ঘটনা কঠীয়াতলি উন্নয়যন খণ্ডৰ কচুৱা পঞ্চায়তত ৷

ভিতৰত শুকান মাছ থকা গুদামটোকে বাহিৰত ফিটা কাটি উদ্বোধন কৰে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশ অনুসৰি ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে সোমবাৰে কচুৱা আৰু লংজাপৰ কেইবাটাও প্ৰধান মন্ত্ৰী আবাস গৃহৰ শুভ উদ্বোধন কৰে ৷

বিধায়কগৰাকীয়ে কচুৱা পঞ্চায়তৰ ৰাঙলুবস্তিৰ সঞ্জিৎ বৰ্মন নামৰ লোকজনৰ নৱনিৰ্মিত আবাস গৃহটো উদ্বোধন কৰাৰ পাছতে পোহৰলৈ আহিল গ্ৰামোনয়ন বিভাগৰ ফোঁপোলা স্বৰূপটো ৷

হিতাধিকাৰীয়ে প্ৰধান মন্ত্ৰী আবাস গৃহটো বাসগৃহ হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে শুকান মাছৰ গুদাম হিচাপেহে ব্যৱহাৰ কৰিছে ৷ শনিবাৰে গ্ৰামোনয়ন বিভাগে সকলো বিষয়া-কৰ্মচাৰীৰ লগতে মন্ত্ৰী-বিধায়কসকলক সম্পূৰ্ণ হোৱা প্ৰধান মন্ত্ৰী আবাস গৃহত এনিশা কটাবলৈ নিৰ্দেশ দিছিল ৷

প্ৰশ্ন হয়, চৰকাৰী আবাস গৃহক এনেদৰে শুকান মাছৰ গুদামলৈ ৰূপান্তৰিত কৰা গৃহত কোন বিষয়াই নিশা যাপন কৰিলে সেয়া লক্ষণীয় বিষয় ৷ ইফালে হিতাধিকাৰীগৰাকীয়ে গমকেই নাপায় তেওঁ কোন আঁচনিৰ পৰা চৰকাৰী গৃহটো লাভ কৰিলে ৷

বিধায়কগৰাকীয়ে এটা পথো উদ্বোধন কৰে ৷ ইফালে বহু লোকে বিনামূলীয়া ৰন্ধন গেছ, বিদ্যুৎ যোগান নোপোৱাৰ কথাটো স্বীকাৰ কৰে ৰহাৰ বিধায়কগৰাকীয়ে ।

Your Comments