টেট এখন চাৰ্টিফিকেটহে, কিন্তু আমাৰ বিগত ১৫বছৰৰ কৰ্মৰ অভিজ্ঞতা ক'লৈ গল: শিক্ষা কৰ্মী সংস্থা

tet

তপন বৰগোহাঁই

'টেট এখন কেৱল  চাৰ্টিফিকেটহে, কিন্তু আমি যে বিগত ১৫বছৰে কৰ্ম কৰিলোঁ- তাৰ অভিজ্ঞতা ক'লৈ গ''--- এই গুৰুতৰ প্ৰশ্ন ২০০৩ চনৰ পৰা অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত কৰ্মৰত জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মীৰ। বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষভাৱে নিযুক্ত শিক্ষাকর্মীসকলৰ নেতৃত্বই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত সম্বোধন কৰি কয়-- বিগত ১৫ বছৰে কোনোদিনে বিদ্যালয়লৈ নোযোৱা ৬-১৪ বছৰীয়া একাংশ শিশুক বিভিন্ন কাৰখানাত নিয়োজিত হৈ থকাৰ আৰু ঘৰৰ কামত ব্যস্ত থকাৰ পৰা বিচাৰি আনি আমি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈকে শিক্ষাদান কৰি আছোঁ।বহু সময়ত কৰ্মত নিয়োজিত হৈ থকা শিশুসকলক বিচাৰি আনোতে মালিকৰ লগত আমি যুদ্ধও কৰিব লগা হৈছে।কিন্তু ইমানৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগ আৰু অসম সৰ্বশিক্ষা অভিযান মিছনে আমাৰ কৰ্মৰ কোনো মৰ্যাদা প্ৰদান কৰা নাই। আনহে নালাগে ২০০৩ চনৰ পৰা ২০১৮বর্ষলৈকে  প্ৰায় ১লাখ ৬০হাজাৰ ছাত্ৰ-ছাত্ৰীক আমি শিক্ষা প্ৰদান কৰিছোঁ। বৰ্তমান আমাৰ ৫২৭টা কেন্দ্ৰত ২৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।কিন্তু অতি দুৰ্ভাগ্যজনক কথা এই যে আজি আমি তাৰ বাবদ মাহিলী ভাট্টা পাওঁ মাত্ৰ ৬৬০০ টকা। তাকো দুই-তিনিমাহৰ ব্যৱধানত মূৰত। এই অভিযোগ জ্যোতিকেন্দ্ৰৰ শিক্ষা কর্মী সন্থাৰ সভানেত্ৰী মুনমুন চেতিয়াৰ।সংবাদ মেলত তেওঁ আৰু কয়- জ্যোতিকেন্দ্ৰসমূহৰ বাবে প্ৰতিবছৰে বাজেটত ধন ধার্য হয়।কিন্তু বাস্তৱত সেই ধন নাপায় কেন্দ্ৰসমূহে।ফলত শিক্ষা কর্মীসকলৰ মাহিলী ভাট্টাৰে পৰিচালিত কৰিব লগা হয় কেন্দ্ৰসমূহ।

ইফালে, সংবাদমেলত জানিবলৈ দিয়া অনুসৰি পূৰ্বৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জ্যোতিকেন্দ্ৰসমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক স্থায়ী নিযুক্তিৰ কাৰণে প্ৰাথমিক শিক্ষকৰ বাবে প্ৰয়োজনীয় দুবছৰীয়া পাঠ্যক্ৰমৰ অৰ্হতা আহৰণ কৰিবলৈ কৈছিল। বৰ্তমান তেওঁলোকেৰ অধিকাংশই সেই অৰ্হতা আহৰণ কৰিলে আৰু কিছুসংখ্যকে দুবছৰীয়া ডিএলইড পাঠ্যক্ৰম গ্ৰহণ কৰি আছে। কিন্তু পৰিতাপৰ কথা এই যে সেইসকল শিক্ষকক আজি পর্যন্ত ৰাজ্যৰ শিক্ষা বিভাগে স্থায়ী নিযুক্তিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। সংবাদমেলত প্ৰকাশ কৰা অনুসৰি শিক্ষা বিভাগৰ প্ৰাক্তন মিছন সঞ্চালিকা এল এছ চাংচনে এইসকল শিক্ষকক স্থায়ী নিযুক্তি দিয়াৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগক নিৰ্দেশ প্ৰদান কৰিছিল। লগতে তেওঁলোকৰ বাবে প্ৰাক-প্ৰাথমিক পৰ্যায়ত অৰ্থাৎ '' শ্ৰেণীত শিক্ষকৰ পদ সৃষ্টি কৰি তাত তেওঁলোকক শিক্ষা বিভাগে নিযুক্তি দিব লাগে বুলি কৈছিল। কিন্তু সেই নির্দেশৰ পিছতো ৰাজ্যৰ শিক্ষা বিভাগে এইসকল শিক্ষকক নিযুক্তি দিয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

আজিৰ সংবাদমেলতে সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল ইছলামে কয় যে শিক্ষা বিভাগত বৰ্তমান সময়ত ইমানেই সংগঠন আছে,  শিক্ষামন্ত্ৰীয়ে বুজোতে বুজোতে কাৰ্যকাল শেষ হৈ যায়। পদক্ষেপ ল'ম  বুলি শিক্ষামন্ত্ৰীয়ে আশ্বাস দিয়ে যদিও দুৰ্ভাগ্যবশত: কাৰ্যকাল শেষ হৈ যোৱাৰ বাবে চাকৰিৰ স্থায়ীকৰণৰ নামত এতিয়া আমি ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰিব লগা হৈছে। সেয়েহে সংবাদমেলৰ জৰিয়তে তেওঁলোকে কয়- 'যদিহে আমাৰ স্থায়ী নিযুক্তিৰ বাবে শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষাত আমি বহিব লাগে, তেন্তে আমাৰ বাবে অনুষ্ঠিত কৰক শিক্ষামিত্ৰসকলৰ বাবে অনুষ্ঠিত কৰাৰ দৰে বিশেষ টেট পৰীক্ষা। আমি তাৰ বাবে সাজু আছোঁ। অন্যথা শিক্ষা বিভাগে আগন্তক যি সাধাৰণ টেট অনুষ্ঠিত কৰাৰ কথা কৈছে সেই টেট অনুষ্ঠিত হ'বলৈ কেতিয়াও দিয়া নহব। 'লগতে সাধাৰণ সম্পাদকগৰাকীয়ে কয়- আমি যিহেতু 'শিক্ষা অধিকাৰ আইন২০০৯'ৰ অধীনত বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ বিশেষভাৱে নিযুক্ত শিক্ষক,  সেই অনুসৰি আমাক শিক্ষকৰ সকলো মৰ্যাদা প্ৰদান কৰাৰ লগতে স্থায়ী শিক্ষকৰ সমপৰ্যায়ৰ সকলো সুবিধা আমাক প্ৰদান কৰক।

গুৰুত্বপূৰ্ণ কথা এই যে প্ৰথম অৱস্থাত প্ৰায় ২০হাজাৰ এনে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাকর্মী জ্যোতিকেন্দ্ৰৰ লগত জড়িত আছিল যদিও বৰ্তমান সময়ত শিক্ষাবিভাগৰ গুৰুত্বহীনতাৰ বাবে ইয়াৰ সংখ্যা হৈছেগৈ ৮১৫ গৰাকী।

আনহাতে, আজিৰ সংবাদমেলতে সন্থাৰ সভিনেত্ৰী মুনমুন চেতিয়াই শিক্ষাবিভাগ আৰু সৰ্বশিক্ষাক সকীয়নি প্ৰদান কৰি কয় যে চৰকাৰে যি টেট পাতে আমাৰ ক'ব লগা নাই। কিন্তু যি টেটে নহওঁক আমি প্ৰথম গুৰুত্ব পাব লাগিব। লগতে তাৎপৰ্যপূৰ্ণভাৱে কয়-ৰাজপথত চিঞৰি চিঞৰি প্ৰতিবাদ কৰি কাৰোবাক গালি পাৰি, অনশনত বহি কষ্ট পাবলৈ মন নাই। কিন্তু এইবাৰেই আমাৰ শেষ দাবী- 'সৰ্বশিক্ষা অভিযান মিছনে আমাৰ লগত চুক্তি কৰিছে, তেওঁলোকেই আমাক নিযুক্তি দিব লাগিব, আমি শিক্ষামন্ত্ৰীক চিনি নাপাওঁ। অন্যথা আমি কি কৰিম সেয়া সময়ত শিক্ষা বিভাগে গম পাব।'

Your Comments