নগাঁও জিলাৰ যোগান বিভাগৰ অধীনস্থ দক্ষিণ কামপুৰ সমবায় সমিতিত কিছুদিন আগতে খাদ্যসামগ্ৰী বিতৰণত ব্যাপক অনিয়মৰ বাতৰিয়ে সংবাদ মাধ্যমত তোলপাৰ সৃষ্টি কৰে ৷
ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে দেওবাৰে সমবায়খনৰ সভাপতি বাবুল শইকীয়াই এখন সংবাদমেলৰ আয়োজন কৰি তেওঁৰ ওপৰত উঠা অভিযোগ খণ্ডন কৰাৰ প্ৰচেষ্টা চলায় ।
উল্লেখ্য যে সমবায়খনৰ এগৰাকী এজেণ্ট তথা সুলভ মূল্যৰ দোকানী চুনা মিঞা চৌধুৰীয়ে সমবায়খনৰ বিপক্ষে এক অভিযোগ উত্থাপন কৰিছিল ৷ অভিযোগ অনুসৰি সমবায়খনৰ অধীনস্থ ৰমণী পথাৰৰ এই সুলভ মূল্যৰ দোকানৰ নামত অহা ২ কুইণ্টল ৫০ কেজি আটা আবণ্টন পাব লাগে যদিও সমবায়ে তেওঁক ১ কুইণ্টল ৫০ কেজি আটাহে দিয়ে ।
তাৎপৰ্যপূৰ্ণ কথাটো হ'ল, সমবায়ৰ লিফটিং বহীত আৰু চুনা মিঞাক দিয়া ৰচিদত ২.৫০ কুইণ্টল আটা দিয়া দেখুৱাই নিৰিখ মতে সমবায় কৰ্তৃপক্ষই ধন আদায় লয় বুলি এজেণ্টজনে অভিযোগ কৰিছিল ।
এই সম্পৰ্কত এজেণ্টজনে সমবায় কৰ্তৃপক্ষক অৱগত কৰাত তেওঁলোকে বিভিন্ন অপ্ৰাসংগিক কথাহে কয় বুলিও অভিযোগকাৰীয়ে জানিবলৈ দিয়ে ৷ এজেণ্ট চুনা মিঞাই সমবায়খনে পূৰ্বৰে পৰা এনেদৰে কৰা অনিয়মৰ বাবে বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীন হৈ অহা বুলি গুৰুতৰ অভিযোগ আনিছে ।
ইফালে সমবায়খনৰ সভাপতি বাবুল শইকীয়াই সম্পূৰ্ণ বিপৰীত মন্তব্য কৰি কয় যে সমবায়ৰ ওচৰত ঋণ থকাৰ লগতে আটা পলমকৈ নিয়াৰ বাবে এজেণ্টজনক পৰিমাণতকৈ কমাই দিয়া হৈছে । সভাপতিজনৰ উক্ত মন্তব্যৰ বিপৰীতে এজেণ্টগৰাকীৰ বিপৰীত ভাষ্যই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে ।
- Log in to post comments
- 12 views