ৰাজ্যত হস্তী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে নগাঁও জিলাৰ বন বিভাগে দেওবাৰে কঠীয়াতলিত অনুষ্ঠিত কৰে বিশ্ব হস্তী দিৱস । কঠীয়াতলি ৰাংঢালী গোষ্ঠীৰ সৌজন্যত আৰু কঠীয়াতলি বন বিভাগৰ উদ্যোগত বন্যহস্তী সংৰক্ষণ আৰু সজাগতা বৃদ্ধিৰ বাবে এই দিৱসৰ আয়োজন কৰা হয় ৷
এই উপলক্ষে কঠীয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ৯ বজাৰ পৰা ছাত্ৰ-ছাত্রীসকলৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাকে ধৰি বিভিন্ন শিক্ষামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
অনুষ্ঠানত বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় ৷ বিশ্ব হস্তী দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে ৰাংঢালী গোষ্ঠীৰ সভাপতি শশী বৰদলৈয়ে ৷
কাৰ্যসূচীসমূহত অঞ্চলটোৰ ছাত্ৰ-ছাত্রীসকলৰ লগতে যথেষ্টসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে । উক্ত অনুষ্ঠানত নগাঁও জিলাৰ বন বিষয়া সুভাশিস দাস, কঠীয়াতলিৰ আঞ্চলিক বন বিষয়া শ্ৰেষ্ঠা সিং, মদাৰতলিৰ খণ্ড বিষয়া ৰাজেন্দ্ৰ শইকীয়া আৰু ৰাংঢালী গোষ্ঠীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।
- Log in to post comments
- 23 views