উত্তৰ গুৱাহাটীত 'সচেতন যুৱ মঞ্চ'ৰ গছপুলি ৰোপণ অভিযান আৰম্ভ

hh

উত্তৰ গুৱাহাটীৰ সচেতন যুৱ প্ৰজন্মৰ সংগঠন 'সচেতন যুৱ মঞ্চ'ৰ উদ্যোগত দেওবাৰে উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰা হয়।উত্তৰ গুৱাহাটীক ৰাজ্যৰ ভিতৰতে এটা সেউজ এলেকা হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে অঞ্চলটোৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী,গছপুলি ৰোপণৰ অভিযান চলাওঁতা প্ৰয়াত কালিৰাম দাসৰ সোঁৱৰণত আজি 'সচেতন যুৱ মঞ্চ'ৰ সদস্যসকলে অঞ্চলটোৰ মধ্যমখণ্ড, শিলসাঁকো,ৰজাদুৱাৰ,ৰংমহল,অভয়পুৰ,ঘোঁৰামাৰা,চিলা আদি বিভিন্ন এলেকাত বহু গছপুলি ৰোপণ কৰে।মধ্যমখণ্ড দুর্গামণ্ডপৰ খেলপথাৰত গছপুলি ৰোপণ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়।


আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যই ভাষণ প্ৰসংগত সচেতন যুৱ মঞ্চই ভৱিষ্যতে ৰূপায়ণ কৰিব লগা গছপুলি ৰোপণ অভিযানত জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে।অনুষ্ঠানত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামী,চিলা আঞ্চলিক বন বিষয়া ৰঞ্জিত দত্ত,আইআইটি গুৱাহাটীৰ যুটীয়া পঞ্জীয়ক(বিত্ত আৰু হিচাপ) প্ৰকাশ হাজৰিকা,আইআইটি গুৱাহাটীৰ জনসম্পৰ্কৰক্ষী বিষয়া লৱনু কোঁৱৰ,প্ৰকৃতিপ্ৰেমী কালিৰাম দাসৰ পুত্ৰ শিল্পী ৰবীন দাস আদি বিশিষ্ট ব্যাক্তিসকল উপস্থিত থাকে।সচেতন যুৱ মঞ্চৰ উপদেষ্টা পাৰ্থপ্ৰতিম বৰকাকতি আৰু কৰ্মী অশোক দত্তই অনুষ্ঠানটোৰ আঁত ধৰে।

jj
অনুষ্ঠানটোৰ পিছতে উপায়ুক্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে দূর্গামণ্ডপ খেলপথাৰত গছপুলি ৰোপণ কৰে।উল্লেখ্য যে সচেতন যুৱ মঞ্চৰ সদস্যসকলে ভৱিষ্যতেও গছপুলি ৰোপণ অভিযান অব্যাহত ৰাখিব আৰু তেওঁলোকে গছপুলিসমূহে বৃক্ষৰ ৰূপ নোপোৱালৈকে ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰিছে।

Your Comments