জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাণপুৰত ১২০ গৰাকী অনুসূচিত মহিলা তথা শিপিনীক বোৱা-কটা প্ৰশিক্ষণৰ অন্তত সম্প্ৰতি চৰকাৰে যোগান ধৰিছে উন্নত তাঁতশালৰ । পাণপুৰত এই উদ্দেশ্যৰে এখন তাঁতশালৰ বিপণীও মুকলি কৰে বিভাগৰ অনুমোদিত ৰাজ্যৰ এক তাঁতশাল নিৰ্মাণ প্ৰতিষ্ঠানে । ৯০ শতাংশ ৰেহাই মূল্যত তথা ২৪ হেজাৰ মূল্যৰ একোখন তাঁতশাল প্ৰশিক্ষণপ্ৰাপ্ত মহিলাক বিভাগীয় কৰ্তৃপক্ষই মাত্ৰ ২৪শ টকাতে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
তাঁতশাল বিপণী খনত শনিবাৰে আয়োজিত শিপিনীলৈ তাঁতশাল যোগান কাৰ্যসূচীটোত উপস্থিত থাকে ডব্লিউ এছ চিৰ কাৰিকৰী অভিযন্তা জয়ন্তা ঠাকুৰীয়া, বিষয়া ঋষিকেশ দেশাই, অভিযন্তা ৰাকেশ তালুকদাৰ, হস্ততাঁত বস্ত্ৰ বিভাগৰ জামুগুৰিহাট শাখাৰ পৰিদৰ্শক শেৱালী বৰাই । উল্লেখ্য যে পাণপুৰৰ অনুসুচিত বোৱা-কটা সমবায় সমিতিলৈ ইতিমধ্যে চৰকাৰে দুইকোটি টকাৰ অনুমোদন দিয়াৰ লগতে শিপিনীসকলক ৪৫ দিনীয়া এক উচ্চমানৰ প্ৰশিক্ষণো প্ৰদান কৰিছিল ।
- Log in to post comments
- 16 views