বঙাইগাঁৱত আছুৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান

aasu

বঙাইগাঁওঃ২৯ জুনঃ

সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু বঙাইগাঁও মহাবিদ্যালয় আছু গোটৰ সহযোগত আজি বঙাইগাঁও মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই বিশেষ অভিনন্দন অনুষ্ঠানত এইবেলি বঙাইগাঁও জিলাৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বঙাইগাঁও জিলাৰ কৃতিমান ছাত্ৰ- ছাত্ৰীসকলৰ লগতে ছাত্ৰ- ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বৰ্ধনা জনোৱা হয় ৷ এই উপলক্ষে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানৰ আৰম্ভণিতে জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠাৰ শুভাৰম্ভ কৰে ৷

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেবানন্দ ৰায়ে উদ্দেশ্য ব্যাখ্যা কৰা অভিনন্দন অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ হিতেশ চন্দ্ৰ দাস আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷ আছুৰ সভাপতিগৰাকীয়ে কয় যে ছাত্ৰ- ছাত্ৰীসকল হতাশ নহৈ যদি একান্ত মনে ভালকৈ পঢ়া-শুনা কৰে, তেতিয়াহলে সফলতা লাভ কৰিবই ৷ সেয়ে ছাত্ৰ- ছাত্ৰীসকলক হতাশ নহৈ ভৱিষ্যতে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ বাবে ভালকৈ পঢ়া-শুনা কৰাৰ লগতে অধ্যয়ণৰ এই ধাৰাবাহিকতা ৰক্ষা কৰি চলি চেষ্টা অব্যাহত ৰাখিবলৈকো আহ্বান জনায় ৷ অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৰাজ্যখনৰ ভিতৰত দশম স্থান লাভ কৰা বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ( ইংৰাজী মাধ্যম)ৰ ছাত্ৰী নিখিতা পাঠকক ফুলাম গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু এডাল গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয় ৷aasu2

কৃতী ছাত্ৰীগৰাকীক আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সম্বৰ্ধনা জনায় ৷ সেইদৰে অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচনসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ১৩১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীকো ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু একোডাল গছ পুলিৰে অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে জিলা আছুৰ শিক্ষা সম্পাদক নিলোৎপল চক্ৰৱৰ্তীয়ে ৷ অৱশ্যে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী অনুষ্ঠানত উপস্থিত নথকাৰ লগতে আন কেইবাগৰাকী ছাত্ৰ- ছাত্ৰীৰ হৈ অভিভাৱকে সম্বৰ্ধনা গ্ৰহণ কৰে ৷

অভিনন্দন অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পাৰ্থজিৎ ৰায়, চিৰাং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপক কুমাৰ দাস, শিক্ষয়িত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পূৰ্ণিমা চৌধুৰী, দলবীৰ নাথ আদি উপস্থিত থাকে ৷ অনুষ্ঠানত ছাত্ৰ- ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলকো সম্বৰ্ধনা জনোৱা হয় ৷ এই বিশেষ অভিনন্দন অনুষ্ঠানত কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষানুষ্ঠানৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷

Your Comments