গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে প্ৰধান মন্ত্ৰীৰ সপোনৰ আঁচনিবোৰে আজিও গ্ৰামাঞ্চলৰ লোকসকলক ঢুকি পাবলৈ সক্ষম হোৱা । শনিবাৰে গ্ৰামোন্নয়ন বিভাগে চলোৱা এক জৰীপে এই কথাই প্ৰমাণ কৰিলে ।
নগাঁৱৰ কচুৱা অঞ্চলৰ বহু লোকে টিপ চাকিৰ পোহৰত আৰু খৰিৰ চৌকাত এতিয়াও ভাত বনাই খাবলগা অৱস্থা ৷ এনেদৰেই নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ নামত ভেঁকো-ভাওনা চলিছে এইবোৰ গ্ৰামাঞ্চলত ।
অকল কচুৱাই নহয়, আজিও নগাঁৱৰ বহু পৰিয়ালে পোৱা নাই ৰন্ধন গেছ আৰু বিদ্যুৎ সংযোগ । খৰিৰ চৌকা আৰু টিপ চাকিৰ পোহৰত এটা ৰাতি কটালে গ্ৰমোন্নয়নৰ বিষয়া-কৰ্মচাৰীয়ে ।
উল্লেখ্য যে শনিবাৰৰ নিশা গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশ অনুসৰি নগাঁৱৰ কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুৱা পঞ্চায়তৰ হিতাধিকাৰীৰ ঘৰত নিশা যাপন কৰিলে উন্নয়ন খণ্ডটোৰ বিষয়া-কৰ্মচাৰীয়ে ৷
প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনি অধীনৰ গৃহ নিৰ্মাণ সন্দৰ্ভত হিতাধিকাৰীয়ে সন্মুখীন হোবা বিভিন্ন সমস্যা তথা তথ্য সংগ্ৰহৰ উদ্দেশ্যেৰে নিশা যাপন কৰি চৰকাৰৰ বহু আঁচনিৰ কথা আলোচনা কৰিলে গাঁওবাসীৰ লগত বিষয়াসকলে ৷
অতি পিছপৰা অঞ্চলটোৰ বহু পৰিয়ালত আজিও বিদ্যুৎ সংযোগ নাই । বিষয়া-কৰ্মচাৰীসকলে জনোৱামতে, বহু দুখীয়া পৰিয়ালৰ আজিও উজ্জ্বলা আঁচনিত নাম সংযোগ হোৱা নাই বুলি মন্তব্য কৰি ইয়াৰ বিহিত ব্যৱস্থাৰ বাবে চৰকাৰক জনোৱা হ'ব বুলি কয় ৷
আনহাতে, বিষয়া-কৰ্মচাৰীসকলে হিতাধিকাৰীৰ ঘৰত এসাঁজ খাই নিশাটো কটোৱাৰ কথা প্ৰকাশ কৰে ।
- Log in to post comments
- 15 views