* নাগৰিক পঞ্জীক লৈ অসমৰ মানুহক বিভ্ৰান্ত নকৰিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ । এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ক লৈ বিজেপিয়ে দুমুখীয়া স্হিতি গ্ৰহণ কৰিছে বুলি অভিযোগ ৰিপুণ বৰাৰ ।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ এন আৰ চিক লৈ কৰা মন্তব্যৰ মিল নাই ।
* স্বাধীনতা দিৱসক লৈ মহানগৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা অসম আৰক্ষীৰ । জে এম বিৰ উৎথানক লৈ শংকিত অসম আৰক্ষী । চুবুৰীয়া আৰক্ষী সঞ্চালকৰে জৰুৰী বৈঠকত মিলিত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া ।
এমাহৰ ভিতৰত অভি-নীল হত্যাকাণ্ডৰ চাৰ্জ শ্বীট দাখিল কৰিব অসম আৰক্ষীয়ে ।
* এ পি এছ চি কেলেংকাৰিৰ তদন্ত সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ অখিল গগৈৰ । ৮টা প্ৰক্ৰিয়াৰে অনিয়ম চলিছিল যদিও চৰকাৰে মাত্ৰ ২টা প্ৰক্ৰিয়াৰ ওপৰতহে তদন্ত কৰিছে । চৰকাৰৰ ঘনিষ্ঠসকলক বৰ্তমানেও তদন্তৰ আওতালৈ অনা নাই ।
- Log in to post comments
- 6 views