২০১২ চনৰ পৰাই ৰাজ্যৰ আইটিআইসমূহত বন্ধ নতুন নিযুক্তি:খবৰ নাই বিভাগীয় মন্ত্ৰীৰ 

iti

তপন বৰগোঁহাই :

প্ৰযুক্তিবিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে ৰাজ্যত এতিয়া বৃদ্ধি পাইছে কাৰিকৰী শিক্ষাৰ চাহিদা।প্ৰতিবছৰে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনত থকা আইটিআইসমূহত প্ৰ-পত্ৰ পূৰণ কৰে। কিন্তু প্ৰায়ে অভিযোগ উঠে প্ৰ-পত্ৰৰ পূৰণ কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে  আইটিআই প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ সুবিধা নাপায়। ফলত প্ৰতি বছৰে ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীৰ কাৰিকৰী শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহ থকাৰ পিছতো  নামভৰ্তি কৰিবলৈ সুবিধা নোপোৱাৰ বাবে বঞ্চিত হয় কাৰিকৰী শিক্ষা গ্ৰহণৰ পৰা। কাৰণ বৰ্তমান সময়ত অসমত চৰকাৰী আৰু চৰকাৰৰ অধীনৰ যিমানসংখ্যক আইটিআই প্ৰতিষ্ঠান আছে, সেইসমূহত থকা আসনৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তুলনাত যথেষ্ট কম।এই অভিযোগ অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা সঞ্চালকালয়ৰ এক বিশেষ সূত্ৰৰ।

সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি    বৰ্তমান অসমত ২৯খন চৰকাৰী আৰু ৪২খন  চৰকাৰৰ অধীনৰ বেচৰকাৰী আইটিআই প্ৰতিষ্ঠান আছে। তাৰে ২৯খন চৰকাৰী প্ৰতিষ্ঠানত আসনৰ সংখ্যা ৯৮৫২খন আৰু ৪২খন বেচৰকাৰী প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা ৪৭২১খন।অৰ্থাৎ সকলো মিলাই ৰাজ্যত বৰ্তমান আইটিআই প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা মাত্ৰ ১৪,৫৭৩খন। যি নেকি ৰাজ্যখনৰ বাবে আজিৰ তাৰিখত যথেষ্ট কম।

আনহাতে,সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি ৰাজ্যৰ অধিকাংশ চৰকাৰী আইটিআই প্ৰতিষ্ঠানৰ আজি তাৰিখত আন্তঃগাঁঠনি অতি নিম্নমানৰ। আনহে নালাগে, ২৯ খন চৰকাৰী আইটিআই প্ৰতিষ্ঠানৰ অধিকাংশতে আজি ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতিও নাই।ফলত চৰকাৰী আইটিআই প্ৰতিষ্ঠানৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন আইটিআই বিভিন্ন ট্ৰেডৰ ডি'প্লমা লৈ ওলাই যায় যদিও ব্যৱহাৰিক পাঠ্যক্ৰমৰ জ্ঞানৰ পৰা ছাত্ৰ-ছাত্ৰীসকল প্ৰায় বঞ্চিত হয়। ফলত নিয়োগ লাভৰ বেলিকা চৰকাৰী প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীতকৈ চৰকাৰৰ অধীনৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে অধিক নিয়োগ লাভ কৰে।

ইয়াৰ উপৰিও বিশেষ সূত্ৰৰ খবৰ অনুসৰি  ২০১২ চনৰ পৰা  ৰাজ্যৰ চৰকাৰী আইটিআই প্ৰতিষ্ঠানসমূহত খালি হৈ আছে কৰ্মচাৰীৰ অধিকাংশ পদ। তাৰ ভিতৰত তৃতীয় বৰ্গৰ ১৩৭টা, চতুৰ্থ বৰ্গৰ ১৩৮টা, অধীক্ষক ৫টা আৰু সহকাৰী নিয়োগ বিষয়া ৩টাকৈ পদ খালি হৈ আছে। উল্লেখ যে গুৰুত্বপূৰ্ণ কথা এয়ে খালি হৈ থকা তৃতীয় বৰ্গৰ একাংশৰ পদ আইটিআই প্ৰতিষ্ঠানসমূহৰ বিভিন্ন বিভাগৰ প্ৰশিক্ষকৰ। ইয়াৰ উপৰিও তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত খালি হৈ থকা পদসমূহ হৈছে জুনিয়ৰ ষ্টেন'গ্ৰাফাৰ,ড্ৰেজাৰ, টেকনিকেল এচিষ্টেণ্ট,ফাৰ্মাচিষ্ট,ষ্ট'ৰ  কিপাৰ,পিয়ন, চকীদাৰ আদি। ইফালে এই খালি পদসমূহ পূৰণৰ বাবে ডেৰ মাহৰ পূৰ্বে  সঞ্চালকালয় কাৰ্যালয়ৰ  পৰা ৰাজ্য চৰকাৰলৈ অনুমতি বিচাৰি ফাইল প্ৰেৰণ কৰা হৈছে কিন্তু আজি পৰ্যন্ত ৰাজ্যৰ চৰকাৰৰ পৰা নিযুক্তিৰ অনুমতি লাভ কৰা নাই সঞ্চালকালয় কাৰ্যালয়ে।ইফালে গুৰুত্বপূৰ্ণ কথা এই যে ২০১৯-২০বর্ষৰ নতুন পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে প্ৰ-পত্ৰ পূৰণৰ কাম সমাপ্ত হৈছে।কিছুদিনৰ পিছতে আৰম্ভ হ'ব নতুন পাঠ্যক্ৰম। কিন্তু ৰাজ্যৰ আইটিআই প্ৰতিষ্ঠানসমূহৰ খালি পদ-সমূহ পূৰণৰ বাবে আজি পৰ্যন্ত ৰাজ্যৰ সোণোৱাল চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বিপাঙত পৰিছে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ লগতে  আইটিআই প্ৰতিষ্ঠানসমূহ।লক্ষ্যণীয় কথা এই যে কেৱল আইটিআই প্ৰতিষ্ঠানসমূহতে যে পদ খালি হৈ আছে তেনে নহয়,এতিয়া পদ খালি হৈ আছে খোদ বিভাগটোৰ মহানগৰীৰ ৰিহাবাৰীস্থিত সঞ্চালকালয় কাৰ্যালয়তে। কাৰ্যালয়টোত বৰ্তমান সময়ত হেড কোৱাৰ্টাৰ জুনিয়ৰ এচিষ্টেণ্ট ১৯টা, ষ্টেনোগ্ৰাফাৰ ২টা, গাণনিক সহায়ক ১টা আৰু চতুৰ্থ বৰ্গৰ ১৮টা পদ খালি হৈ আছে। কিন্তু পদসমূহ পূৰণৰ বাবে আজি কোনো গুৰুত্ব নাই অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

ইফালে,বিভাগটোৰ এইসমূহ পদ খালি থকাৰ সময়তে পদসমূহ পূৰণ কৰাৰ বাবে অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰি পুনৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিযুক্তিৰে নতুনকৈ পাঁচখন মিনি আইটিআই খোলাৰ বাবে ব্যবস্থা কৰিছে। অসমৰ দুধনৈ, পাঠশালা, তিতাবৰ, লাহোৱাল আৰু গোলোকগঞ্জত।উক্ত পাঁচখন মিনি আইটিআইত ১৭০গৰাকীৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পাঁচগৰাকী অধীক্ষক অসম চৰকাৰে ঠিকাভিত্তিক নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাইছে। 

আনহাতে,ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আইটিআই সংখ্যাৰ বৃদ্ধি কৰাৰ  পদক্ষেপক সচেতন ৰাইজে আদৰণি জনাইছে যদিও সহজভাৱে ল'ব পৰা নাই বৰ্তমান চলি থকা আইটিআই প্ৰতিষ্ঠানকেইখনৰ দুৰ্বল আন্তঃগাঁঠনি আৰু কৰ্মচাৰীৰ পদ খালি থকা প্ৰসঙ্গতো ।ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক আৰু সচেতন ৰাইজৰ দাবী সোণোৱাল চৰকাৰৰ দক্ষতা,নিয়োগ আৰু উদ্যমিতা বিভাগে নতুন আইটিআই স্থাপন কৰাৰ পূৰ্বে খালি হৈ থকা আইটিআইসমূহৰ কৰ্মচাৰীৰ পদসমূহ পূৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধি কৰাত অধিক গুৰুত্ব দিব লাগে।

Your Comments