নিবনুৱা হ্রাসৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ বিপৰীতে ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত দ্ৰুত গতিত বাঢ়িছে পঞ্জীভূক্ত নিবনুৱা 

nibnuwa

নিউজ ডেস্ক :

নিবনুৱা সংস্থাপনৰ প্ৰতিশ্ৰুতিৰে দিছ্পুৰৰ ক্ষমতা দখল কৰা সোনোৱাল চৰকাৰে তিনিটা বছৰ অতিক্ৰম কৰাৰ পিছত  প্ৰতিশ্ৰুতি অনুসৰি নিবনুৱা সংস্থাপন কৰিব পৰিছেনে ? বিগত তিনিটা বছৰত কিমানজনক সংস্থাপন দিলে চৰকাৰখনে ? সচাকৈ বাৰু পাঁচটা বছৰত সোনোৱাল চৰকাৰে ২৫লাখ নিবনুৱাক সংস্থাপন দিব পাৰিবনে ? এনেবোৰ প্ৰশ্নই ৰাজ্যবাসীৰ মনত ক্ৰিয়া কৰি থকাৰ সময়তেই নিয়োগ বিনিময় কেন্দ্ৰত চাকৰি প্ৰত্যাশি নিবনুৱাৰ নাম পঞ্জীয়নৰ এক তথ্যই চৰকাৰৰ প্ৰতিশ্ৰুতিৰ এক বিপৰীত তথ্যহে তুলি ধৰিছে। niyog

প্ৰাপ্ত তথ্য মতে ২০১৬ বর্ষৰ পৰা ২০১৯ বর্ষৰ ফেব্ৰুৱাৰী মাহলৈকে অসম চৰকাৰৰ নিয়োগ বিনিময় কেন্দ্ৰত চাকৰি প্ৰত্যাশি নিবনুৱাৰ নাম পঞ্জীয়নৰ তথ্য  অনুসৰি, বিগত তিনিটা বছৰত ৰাজ্যত অভূতপূৰ্বভাবে বৃদ্ধি হৈছে নিবনুৱাৰ সংখ্যা। তথ্য মতে সোনোৱাল চৰকাৰে শাসনভাৰ গ্ৰহণ কৰা ২০১৬বর্ষৰ ডিচেম্বৰ মাহলৈকে ৰাজ্যত মুঠ পঞ্জীকৃত নিবনুৱা আছিল ২০লাখ ১০হাজাৰ ৬০৩গৰাকী। তাৰে ১৪লাখ ২৫হাজাৰ ১০ গৰাকী পুৰুষৰ বিপৰীতে ৫লাখ ৮৫ হাজাৰ ৫৯৩ গৰাকী মহিলা আছিল। একেদৰে ২০১৭বর্ষৰ ডিচেম্বৰত পঞ্জীকৃত নিবনুৱাৰ সংখ্যা কিছু হ্ৰাস হৈছিল।উক্ত বর্ষত ৰাজ্যত সৰ্বমুঠ ১৯লাখ,৬৩হাজাৰ,৩৭৬ গৰাকী নিবনুৱা পঞ্জীভূক্ত হৈ আছিল।তাৰে ১৩লাখ ৫৬হাজাৰ ৬১২গৰাকী পুৰুষৰ বিপৰীতে ৬লাখ ৬হাজাৰ ৭৬৪গৰাকী মহিলা আছিল।কিন্তু তাৰ পিছৰ বর্ষ অথাৎ ২০১৮বর্ষৰ ডিচেম্বৰত পুনৰ বৃদ্ধি পালে নিবনুৱাৰ সংখ্যা।উক্ত বর্ষত ৰাজ্যত পঞ্জীভূক্ত নিবনুৱাৰ সংখ্যা হ'লগৈ ২০লাখ ২৪ হাজাৰ ৪৪৬গৰাকী।তাৰে ১৩লাখ ৯০হাজাৰ ৩৯৭ জন পুৰুষৰ বিপৰীতে ৬লাখ ৩৪হাজাৰ ৪৯গৰাকী মহিলা আছিল। একেদৰে ২০১৯ বর্ষৰ ফেব্ৰুৱাৰীৰ মাহলৈকে ৰাজ্যত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই হৈছে ২০লাখ ৪২হাজাৰ ৯৫৪গৰাকী।তাৰে ১৪লাখ ১৮হাজাৰ ৫৭০গৰাকী পুৰুষৰ বিপৰীতে ৬লাখ ২৪হাজাৰ ৩৮৪ গৰাকী মহিলা।

অৰ্থাৎ সূক্ষ্ম ভাৱে লক্ষ্য কৰিলে দেখা যায় যে ২০১৮বর্ষৰ ডিচেম্বৰৰ পাছত আৰু ২০১৯বর্ষৰ আৰম্ভণিৰ দুটা মাহতেই ৰাজ্যত পঞ্জিয়নভুক্ত হৈছে  ১৮হাজাৰ ৫০৮গৰাকী নিবনুৱাৰ নাম।

Your Comments