নিউজ ডেস্ক:
বিমানবন্দৰত নজিৰবিহীন ব্যৱহাৰৰ সন্মুখীন হ’ল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু। বিমানবন্দৰত তেওঁক সাধাৰণ যাত্ৰীৰ দৰেই তালাচী চলোৱা হ’ল। কেৱল সেয়াই নহয়. বিমানত উঠিবলৈ যোৱাৰ সময়ত তেওঁক ভিআইপি গাড়ীৰো সুবিধা দিয়া নহল। এজন সাধাৰণ যাত্র্রীৰ দৰেই তেওঁ বাছেৰে উঠি বিমানৰ ওচৰলৈ যাবলগীয়া হ’ল।
লক্ষণীয় যে নাইডুৰ কাৰণে জেড প্লাছ সুৰক্ষাৰ সুবিধা দিয়া হৈছে যদিও সেই সুবিধা বিমানবন্দৰত তেওঁ নাপালে। থাকলেও অন্ধ্রপ্রদেশৰ গন্নবমত বিজয়ৱাড়া আন্তর্জাতিক বিমানবন্দৰত ভিআইপি হিচাপে কোনো সুবিধাই নাপালে তেওঁ। ইতিমধ্যে এই ঘটনাৰ তীব্ৰ নিন্দা কৰে চন্দ্রবাবুৰ দল তেলুগু দেশম পার্টীয়ে (টিডিপি)। জেড প্লাছ সুৰক্ষাৰ ব্যৱস্থা থকা সত্ত্বেও কিয় তেওঁৰ লগত এনে আচৰণ কৰা হ’ল সে সম্পৰ্কে কোন উত্তর দিয়া নাই অন্ধ্রপ্রদেশ চৰকাৰে।।
শুক্রবাৰে বিমানবন্দৰ পোৱাৰ পিছত চন্দ্রবাবুক জনোৱা হয় যে নিয়ম অনুসৰি অন্যান্য সাধাৰণ যাত্রীৰ দৰেই তেওঁ বিমানবন্দৰৰ ছিকিউৰিটি চেকিঙৰ মাজেৰে যাব লাগিব। ছোচিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিত দেখা গৈছে, বিমানবন্দৰত এজন নিরাপত্তারক্ষীয়ে তেওঁৰ তালাচী লৈ আছে। আনকি বিমানৰ ওচৰলৈ যাবলৈ কোনো ভিআইপি গাড়িৰো ব্যৱস্থা নাছিল। ফলত বিমানবন্দৰৰ বাছেৰেই গৈ তেওঁ বিমানত ওঠে।
২০০৩ চনত তিৰুপতিৰ আলিপিৰিত তেওঁৰ ওপৰত মাওবাদীৰ আক্ৰমণৰ পিছৰে পৰা চন্দ্রবাবুক জেড প্লাছ সুৰক্ষা দিয়া হয়। সকলো সময়ৰ কাৰণে তেওঁৰ লগত ২৩ জন সশস্ত্র নিৰাপত্তারক্ষী আৰু এছকর্ট গাড়ী থকাৰ কথা। টিডিপিৰ অভিযোগ, ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাবে চন্দ্রবাবুৰ লগত এই আচৰণ কৰিছে ক্ষমতাসীন ৱাইএছআৰ কংগ্রেছ পার্টীয়ে।
- Log in to post comments
- 49 views