গোলাঘাট জিলা সাংবাদিক সংস্থাৰ বিশেষ প্ৰতিনিধি সভাৰ আয়োজন

গোলাঘাট ১৩জুন :

গৌৰৱোজ্জ্বল ৫৪ টা বছৰ অতিক্ৰম কৰা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ এক বিশেষ প্ৰতিনিধি সভা অহা ১৬ জুন দেওবাৰে আয়োজন কৰা বুলি জানিব পৰা গৈছে । এদিনিয়া কাৰ্যসূচীৰে আয়োজন কৰা উক্ত প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব গোলাঘাট পৌৰসভাৰ সভাগৃহত । কাৰ্যসূচী অনুসৰি সেইদিনা জিলা সাংবাদিক সংস্থাৰ কায্যালয়ত পূৱা ৯ বজাত সংস্থাৰ পতাকা উত্তোলন কৰিব সভাপতি সোনাৰাম ভৰালীয়ে । শ্বহীদ তৰ্পন আৰু প্ৰয়াত অমূল্য দত্তৰ স্মৃতিত স্মৃতি তৰ্পন কৰিব জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰোহিত গগৈ, সম্পাদক সমীৰণ দিগন্ত বৰা আৰু অমূল্য দত্তৰ পৰিয়ালবৰ্গই । ইয়াৰ পিছতে কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভা অনুস্থিত হ'ব গোলাঘাট পৌৰ সভাৰ সভাগৃহত ।কাৰ্যসূচী অনুসৰি পূৱা ১০ বজাত কাৰ্যনিৰ্বাহক সভা ১১ বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন , ১১-৩০বজাত প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীৰ সভাপতিত্বত অনুস্থিত হ'বলগীয়া সভাখন উদ্ধোধন কৰিব উপদেষ্টা ৰাধিকা বল্লভ গোস্বামীয়ে আৰু আদৰণি ভাষন প্ৰদান কৰিব কাৰ্যকৰী সভাপতি বিকাশ শৰ্মাই । সভাত সাংগঠনিক দিশত বক্তব্য প্ৰদান কৰিব  গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উপদেষ্টা অপূৰ্ব কুমাৰ বৰুৱা আৰু মেৰাপানী সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰাই । জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালী, কায্যকৰী সভাপতি বিকাশ শৰ্মা , সাধাৰণ সম্পাদক ৰোহিত গগৈ আৰু সম্পাদক সমিৰণ দিগন্ত বৰাই জিলা সাংবাদিক সংস্থাৰ সমূহ কাৰ্যনিৰ্বাহক সদস্য,বিষয়ববীয়াৰ লগতে প্ৰাথমিক সদস্য আৰু প্ৰতিনিধি সকলক যথা সময়ত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে ।

Your Comments