সাংবাদিক প্ৰশান্তক অনতিপলমে মুক্তিৰ নির্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

prasant

নিউজ ডেস্ক:

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সমালোচনা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক  প্ৰশান্ত কানোজিয়াক অনতিপলমে মুক্তি দিবলৈ উত্তপ্রদেশ চৰকাৰক আজি সৰ্বোচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ দিয়ে।ব্যক্তিৰ বাক স্বাধীনতাক কোনোপ্ৰকাৰেই খৰ্ব কৰিব পৰা নাযাব বুলি মন্তব্য কৰি আদিত্যনাথৰ চৰকাৰক চোকা ভাষাত ভৰ্ৎসনাও কৰে সৰ্বোচ্চ ন্যায়ালয়ে। লগতে কি কাআৰু কোন ধাৰাত কানোজিয়াক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়েও চৰকাৰৰ পৰা জানিব বিচৰা হয়।

উত্তপ্রদেশ মুখ্যমন্ত্রী আদিত্যনাথৰ  ভামূর্তি কালিমালিপ্তৰাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা কানোজিয়া যোৱা  ১১ দিন ধৰি জেল বন্দী হৈ আছে।। প্রশান্ত গ্ৰেপ্তাৰ অবৈধআৰু অগণতান্ত্রিকবুলি আখ্যা দি জরুৰী ভাবে তেওঁক মুক্তি দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছিল প্ৰশান্তৰ পত্নী জাগিছা এৰোৰাই

্যায়াধীশ ইন্দিরা বেনাৰ্জী আৰু অজয় স্তোগীক লৈ গঠিত অবসৰকালীন বিচাৰপীঠে কয়, এনে এক মকৰ্দমাৰ কাৰণে এজন ব্যক্তিক ১১ দিন ধৰি ন্যায়িক জিম্মাত ৰখাৰ কথা কোনোবাই কেতিয়ও শনিছে নে? পদ্ধতি ঠিক নয়। লগতে ন্যায়ালয়ে কয়, টুইট  প’ষ্টৰা বক্তব্যও সঠিক নহয়। কিন কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ এয়া কোনো কাৰণ হ’ব নোৱাৰে।  উল্লেখ্য যে বিগত এসপ্তাহৰ ভিতৰত যোগী চৰকাৰক সমালোচনা কৰাৰ অভিযোগত  আৰক্ষীয়ে প্ৰশান্ত সহ পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

Your Comments

Related Articles