জোঁটবন্ধনৰ ৰাজনীতিত নাথাকে কেজৰিৱাল

জোঁট বন্ধনৰ ৰাজনীতিত নাথাকে কেজৰিৱাল

ৰাজ্যসভাৰ উপ-সভাপতি নিৰ্বাচনৰ লগে লগে বিৰোধী ঐক্যত আকৌ ভাঙোন ৷ লোকসভা নিৰ্বাচনত বিজেপিবিৰোধী জোঁটবন্ধনত নাথাকে কেজৰিৱালৰ দল আম আদমী পাৰ্টী ৷

হাৰিয়ানাৰ ৰোহটকৰ এখন জনসভাত দিল্লীৰ মুখ্য মন্ত্ৰী কেজৰিৱালে মুকলিকৈ ঘোষণা কৰে যে জোঁটবন্ধন ৰাজনীতিত আপ নাথাকে ৷ আগন্তুক লোকসভাত অকলেই যুঁজত নামিব আম আদমী পাৰ্টী ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কেজৰিৱালে কয় যে বিজেপিবিৰোধী দলসমূহ ঐক্যবদ্ধ হৈছে ৷ কিন্তু এই দলসমূহৰ উন্নয়নৰ স্বাৰ্থত কোনো এজেণ্ডা নাই ৷ দেশৰ উন্নয়নৰ ক্ষেত্ৰখনত এওঁলোকৰ কোনো ভূমিকা নাই ৷

জোঁট বন্ধনৰ ৰাজনীতিত নাথাকে কেজৰিৱাল

২০১৯ৰ নিৰ্বাচনত দিল্লীৰ শাসক দল আম আদমী পাৰ্টীয়ে ‘একলা চলো’ নীতি গ্ৰহণ কৰা বুলি কেজৰিৱালে স্পষ্ট কৰি দিয়ে ৷ সন্মুখত ২০১৯ৰ নিৰ্বাচন ৷ দেশত মহাজোঁটৰ বিষয়টো তুংগত উঠিছে ৷

এনে সময়তে কেজৰিৱালৰ এই মন্তব্য বিৰোধী ৰাজনীতিৰ বাবে অশনি সংকেত ৷ ৰাজ্যসভাৰ উপ-সভাপতি নিৰ্বাচনৰ প্ৰসঙ্গত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে আপৰ নেতা কেজৰিৱালৰ লগত কোনো আলোচনা নকৰিলে ৷

আনকি এটা ফোনো নকৰিলে ৷ এই প্ৰসঙ্গক লৈ কেজৰিৱাল অসন্তুষ্ট ৷ লক্ষণীয় বিষয়টো হ’ল, মহাজোঁটৰ প্ৰতিটো কাৰ্যসূচীত কেজৰিৱাল উপস্থিত থাকে ৷ কৰ্ণাটকৰ ৰাজনীতিৰ নতুন সমীকৰণতো কেজৰিৱালৰ সহযোগ আৰু উপস্থিতি আছিল ৷

কৰ্ণাটকৰ মুখ্য মন্ত্ৰী কুমাৰস্বামীৰ শপতগ্ৰহণ অনুষ্ঠানৰ লগতে যন্তৰ-মন্তৰত লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ ধৰ্ণা কাৰ্মসূচীতো কেজৰিৱাল উপস্থিত আছিল ৷ কিন্তু কেজৰিৱালৰ শেহতীয়া স্থিতিয়ে বিৰোধী ঐক্যত এক প্ৰকাৰৰ আঘাত হানিলে ৷
 

Your Comments