২০১৯ক লক্ষ্য কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৰাজ্যভিত্তিত থকা আঞ্চলিক দলসমূহৰ লগত ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাত গুৰুত্ব প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত আঞ্চলিক দলেৰে জোঁটবন্ধনত কংগ্ৰেছৰ লাভ নহ'ব বুলি ধাৰণা কৰে ৰাহুল গান্ধীয়ে ৷
মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বি এছ পিৰ লগত জোঁটবন্ধনত গুৰুত্ব দিছে যদিও বি এছ পিৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ত জোঁটবন্ধন কৰাত ৰাজী নহয় কংগ্ৰেছ ৷
বি এছ পিৰ নেত্ৰী মায়াৱতীয়ে কংগ্ৰেছৰ পৰা সন্মানজনক আসন লাভ কৰিলে জোঁটবন্ধন ৰাজনীতিত খোজ দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৷ মধ্যপ্ৰদেশৰ দায়িত্বত থকা কংগ্ৰেছ নেতা কমল নাথে মত প্ৰকাশ কৰিছে যে ভোট বিভাজনত বাধা দিয়াৰ বাবে ৰাজ্যভিত্তিত মায়াৱতীৰ লগত জোঁটবন্ধন ৰাজনীতিত আগবঢ়াৰ ক্ষেত্ৰত আলোচনা চলি আছে ৷ মধ্যপ্ৰদেশত ১৫ শতাংশ দলিত ভোট ৷
যোৱা বিধানসভা নিৰ্বাচনত ২৩০খন আসনৰ ২২৭খনত মায়াবতীয়ে প্ৰাৰ্থী থিয় কৰাইছিল ৷ মায়াৱতীয়ে মাত্ৰ ৪খন আসন লাভ কৰিছিল যদিও ৬.২৯ শতাংশ ভোট নিজৰ পক্ষলৈ আনিব পাৰিছল বি এছ পিয়ে ৷
ৰাহুল গান্ধীয়ে আশা কৰে, বি এছ পি-কংগ্ৰেছে ঐক্যবদ্ধ হৈ দলিতসকলৰ পূৰ্ণ সমৰ্থন লাভ কৰা সম্ভৱ হ’ব পাৰে ৷ এই ক্ষেত্ৰত দলিত নেত্ৰী মায়াৱতীৰ লগত সকলো স্তৰৰ বুজাবুজি কৰিবলৈ কংগ্ৰেছ ৰাজী ৷ উত্তৰ প্ৰদেশত বি এছ পিৰ যথেষ্ট গ্ৰহণযোগ্যতা আছে ৷
মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ কাষতে ছত্তীশগড় ৷ ১২ শতাংশ দলিত ভোট ৷ ৯০খন আসনৰ ৯খন আসন বি এছ পিক দিয়াৰ কথা চিন্তা কৰিছে কংগ্ৰেছে ৷ মায়াৱতীৰ ৫ শতাংশ ভোটক লক্ষ্য ৰাখিছে কংগ্ৰেছে ৷ ২০১৯ৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাজনৈতিক অংক ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷
- Log in to post comments
- 8 views