চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

অসমৰ গ্ৰামাঞ্চলৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম এখন বৰপেটা জিলাৰ চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয় । বৃহত্তৰ চেঙা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ আশাৰ ৰেঙণিস্বৰূপ এই মহাবিদ্যালয়খনে বৃহস্পতিবাৰে ৪৮সংখ্যক বছৰত ভৰি দিয়ে ।

এই উপলক্ষে আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ চান্দ মহম্মদ আলীয়ে । ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে প্ৰাক্তন মুৰব্বী অধ্যাপক হেমেন্দ্ৰ গোস্বামীয়ে ।

ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ হৰেন্দ্ৰনাথ তালুকদাৰে সভাপতিত্ব কৰা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক ডঃ গোপেশ কুমাৰ শৰ্মাই ।

মুকলি সভাত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰে পৰা বিভিন্ন দিশৰ পৰিৱৰ্তন তথা এক সুস্থ শৈক্ষিক আন্দোলন গঢ়ি তোলাৰ সাম্প্ৰতিক পটভূমিৰ ওপৰত বিশিষ্ট বক্তাসকলে আলোকপাত কৰে ।

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী ৰবিউল হুছেইনে স্মৃতি ৰোমন্থনেৰে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । হুছেইনে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ কৃতকাৰ্যতাৰ এডাল জখলা হৈছে অনুশীলন ৷

সভাখনত মহাবিদ্যালয়খনৰ পৰা এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰীক্ষাত ১৭গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম স্থান দখল কৰা আৰু কিছুদিন আগতে মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ব্যৱস্থাপনাৰ অনলাইন ৱেব প্ৰৱৰ্তন হোৱা কাৰ্যৰ তেওঁ ভূয়সী প্ৰশংসা কৰে ।

সভাপতিৰ ভাষণত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ হৰেন্দ্ৰনাথ তালুকদাৰে মহাবিদ্যালয়খনে মানৱ সম্পদ উন্নয়ন বিভাগ (RUSA)ৰ জৰিয়তে ৪ কোটি টকাৰ অনুদান পোৱাৰ বাবে যাৱতীয় ব্যৱস্থা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি উল্লেখ কৰে ৷

মহাবিদ্যালয়ৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ সহযোগিতা বিচাৰি এই ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষই যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে ।

সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তথা চেঙা শাখা সাহিত্য সভাৰ সভাপতি ভবানন্দ ভৰালী, চেঙা আঞ্চলিক ভাগৱতী বৈষ্ণৱ সমাজৰ সম্পাদক মৃগেন্দ্ৰ নাৰায়ণ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক সৰ্বানন্দ পাটোৱাৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে ।

Your Comments