ৰাজ্যসভাত উপ-সভাপতি পদৰ ভোটৰ অংকত ৰহস্য ৷ ২৪৪জনীয়া ৰাজ্যসভাত ১২৫টা ভোট লাভ কৰিলে এন ডি এৰ প্ৰাৰ্থী হৰিবংশ নাৰায়ণ সিঙে আৰু ১০৫টা ভোট লাভ কৰিলে বিৰোধী প্ৰাৰ্থী বি কে হৰিপ্ৰসাদে ৷
নিৰ্বাচনী প্ৰক্ৰিয়াত উচ্চ সদনত ভোটৰ অংক বিভ্ৰাটক লৈ ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে ৷ ৰহস্যজনক হৈ পৰিছিল নিৰ্বাচনী প্ৰক্ৰিয়া ৷ প্ৰথমবাৰ ভোটগ্ৰহণত খেলিমেলি লগাত ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিলে ৷
স্ক্ৰীনত ওলাই পৰিল হৰিবংশৰ পক্ষত ১২২টা আৰু হৰিপ্ৰসাদৰ পক্ষত ৯৮টা ৷ দুজন সাংসদ ভোটদানৰ পৰা বিৰত ৷ ৰাজ্যসভাৰ সভাপতিয়ে ভোটৰ বুটাম টিপা সকলোৰে হাতত ভোটদানৰ শ্লিপ দিয়াত দেখা গ’ল হৰিবংশৰ পক্ষত ১২৫ আৰু হৰিপ্ৰসাদৰ পক্ষত ১০৫ ৷
ৰহস্য ক্ৰমে বাঢ়িল ৷ ২৪৫জনীয়া ৰাজ্যসভাৰ এখন আসন খালী হৈ থকাত মুঠ আসন ২৪৪ ৷ দুয়োজন প্ৰাৰ্থীৰ ভোটখিনি হয়গৈ ২৩০ ৷ দুজন সাংসদৰ ভুলকৈ ভোট দিয়াকে ধৰি মুঠ ২৩২জন ৷ বাকী ১২জনে ভোট দিবলৈ অহা নাই ৷
তৃণমূলৰ ২জন, কংগ্ৰেছৰ ৩জন, সমাজবাদীৰ ৩জন, ডি এম কেৰ ২জন, আপৰ ৩, পি ডি পিৰ ২, এন পি এফৰ ১জন ধৰিলে হয় ১৬ ৷ নিশালৈ জনোৱা হ’ল যে হৰিপ্ৰসাদৰ পক্ষত ভোট ১০৫ নহয় ১০১হে ৷
ৰহস্য তাতে ৷ বিৰোধী শিবিৰৰ পৰা এজনে চৰকাৰী পক্ষৰ হৈ ‘ক্ৰছ ভোট’ কৰাৰ অভিযোগ উঠিছে ৷ প্ৰশ্নটো হ’ল সেইজন সাংসদ কোন ?
- Log in to post comments
- 9 views