দেশৰ সবাতোকৈ ধনী আঞ্চলিক দল শিৱসেনা, শতাংশ হিচাপত অগপলৈ সৰ্বাধিক বৰঙণি

 দেশৰ সবাতোকৈ ধনী আঞ্চলিক দল শিৱসেনা, শতাংশ হিচাপত অগপলৈ সৰ্বাধিক বৰঙণি

'এছ'চিয়েচন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ' (এ ডি আৰ)ৰ এক প্ৰতিবেদনমতে, ২০১৬-১৭ বিত্তীয় বৰ্ষত দেশৰ সকলো আঞ্চলিক দলৰ ভিতৰত শিৱসেনা হ'ল সৰ্বাধিক বৰঙণি লাভ কৰা দল ৷

ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত দলসমূহে দাখিল কৰা তথ্যৰ ওপৰত ভিত্তি কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ৷ মহাৰাষ্ট্ৰৰ শিৱসেনাই এই সময়ছোৱাত মুঠ ২৯৭টা উৎসৰ পৰা ২৫.৬৫ কোটি টকা বৰঙণি লাভ কৰে ৷

 দেশৰ সবাতোকৈ ধনী আঞ্চলিক দল শিৱসেনা, শতাংশ হিচাপত অগপৰ সৰ্বাধিক বৰঙণি লাভ

আনহাতে, দিল্লীৰ আম আদমী পাৰ্টীয়ে ঘোষণা কৰা তথ্যমতে, ৩,৮৬৫টা উৎসৰ পৰা মুঠ ২৪.৭৩ কোটি টকা বৰঙণি লাভ কৰি তালিকাৰ দ্বিতীয় স্থানত আছে ৷ তৃতীয় সৰ্বাধিক বৰঙণি লাভ কৰা দলটো হ'ল পঞ্জাবৰ শিৰোমণি আকালি দল ৷ দলটোৱে লাভ কৰা মুঠ বৰঙণিৰ পৰিমাণ হ'ল ১৫.৪৫ কোটি ৷

অৱশ্যে শিৱসেনাই ২০১৫-১৬ বৰ্ষত মুঠ ৬১.১৯ কোটিৰ পৰা ৭০ শতাংশ বৰঙণি বিভিন্ন উৎসই দিবলৈ অস্বীকাৰ কৰা প্ৰত্যক্ষ কৰে ৷ আনহাতে, এই সময়ছোৱাত শতাংশ হিচাপত সৰ্বাধিক বৰঙণি লাভ কৰা দল হ'ল অসম গণ পৰিষদ আৰু কৰ্ণাটকৰ জনতা দল (ছেকুলাৰ) ৷

 দেশৰ সবাতোকৈ ধনী আঞ্চলিক দল শিৱসেনা, শতাংশ হিচাপত অগপৰ সৰ্বাধিক বৰঙণি লাভ

অগপই লাভ কৰা বৰঙণি আছিল ০.৪৩ কোটি, অৰ্থাৎ পূৰ্ববৰ্তী বছৰতকৈ ৭,১৮৩ শতাংশ বৃদ্ধি হয় ৷ আনহাতে, জেডিএছে লাভ কৰে ৪.২ কোটি, বৃদ্ধিৰ হাৰ পূৰ্ববৰ্তী বছৰতকৈ ৫৯৬ শতাংশ ৷ আমোদজনকভাৱে সুদীৰ্ঘ বছৰৰ মূৰত এই দুয়োটা দলে শেহতীয়াভাৱে শাসনলৈ আহিছে ৷

আঞ্চলিক দলসমূহে ঘোষণা কৰা বৰঙণিৰ মুঠ পৰিমাণ হ'ল ৬,৩৩৯টা উৎসৰ পৰা ৯১.৩৭ কোটি ৷ ইয়াৰে ৭২.০৫ শতাংশ অৰ্থাৎ ৬৫.৮২ কোটি তিনিটা দল ক্ৰমে শিৱসেনা, আপ আৰু শিৰোমণি আকালি দলে অকলেই লাভ কৰিছে ৷

এ ডি আৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুযায়ী, আঞ্চলিক দলসমূহে প্ৰকাশ কৰা মুঠ বৰঙণিৰ ২,৮২ কোটি অৰ্থাৎ ৩.০৯ শতাংশ মুঠ ১,৯১৯ উৎসৰ পৰা নগদ ধন হিচাপে লাভ কৰিছে ৷

 দেশৰ সবাতোকৈ ধনী আঞ্চলিক দল শিৱসেনা, শতাংশ হিচাপত অগপৰ সৰ্বাধিক বৰঙণি লাভ

সৰ্বাধিক নগদ ধন হিচাপে বৰঙণি লাভ কৰা প্ৰথম দল তিনিটা হ'ল পুডুচেৰীৰ এ আই এন আৰ চি, অগপ আৰু নাগালেণ্ডৰ এন পি এফ ৷ লাভ কৰা নগদ বৰঙণিৰ পৰিমাণ হ'ল ক্ৰমে ৬৫ লাখ, ৪১.২ লাখ আৰু ৪১ লাখ ৷

সকলো ৰাজ্যৰ ভিতৰত অসমৰ দাতাই সৰ্বাধিক পৰিমাণৰ ৭২.৭ লাখ টকা নগদ হিচাপে দান কৰিছে ৷ আনহাতে, পুডুচেৰীৰ দাতাই ৬৫.৩ লাখ টকা নগদ ধন দান কৰিছে ৷

সৰ্বাধিক বৰঙণি ২০.৮৬ কোটি টকা আহিছে দিল্লীৰ পৰা ৷ ইয়াৰ পিছত ক্ৰমে মহাৰাষ্ট্ৰৰ পৰা ১৯.৭ কোটি আৰু পঞ্জাবৰ পৰা আহিছে ৯.৪২ কোটি টকা ৷

Your Comments