ঝাৰখণ্ডত প্ৰাণ আহুতি দিয়া শ্বহীদ নিৰজ ছেত্ৰীৰ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

niraj

নিউজ ডেস্ক : দেশমাতৃক ৰক্ষা কৰিবলৈ গৈ ঝাৰখণ্ডত মাওবাদীৰে সংঘর্ষত প্ৰাণ হেৰুৱা বীৰ শ্বহীদ নীৰজ ছেত্ৰীৰ নিঠৰ দেহ আজি পুৱাই লৈ অহা হ'ল বিশ্বনাথৰ আপোন ঘৰখনলৈ। সোমবাৰে নিশা ১২.৪০বজাত সেনাৰ বিশেষ বিমানেৰে লৈ অহাৰ পাছত ৰাতিটো বিশ্বনাথ অসামৰিক চিকিৎসালয়তে ৰখা হয় বীৰ জোৱানজনৰ নশ্বৰদেহ। তাতে এছএছবিত কৰ্মৰত বীৰ জোৱানজনক বিশ্বনাথ জিলা প্ৰশাসন, আৰক্ষীৰ প্ৰশাসন আৰু গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।nira

আজি পুৱাই এছএছবিৰ ৩৫নম্বৰ বেটেলিয়নত কৰ্মৰত জোৱানজনৰ মৃতদেহ সেনাৰ পুষ্পসজ্জিত বাহনেৰে লৈ যোৱা হয় আপোন ঘৰখনলৈ।নশ্বৰদেহ নিজ ঘৰ পোৱাৰ পিছতেই ঘৰখনৰ লগতে সমগ্ৰ অঞ্চলতটোতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।বহু গুণমুগ্ধই বীৰ জোৱানজনক শেষবাৰৰ বাবে এবাৰ চোৱাৰ বাবে ইতিমধ্যে ভিৰ কৰে বিশ্বনাথৰ ঘৰখনত।ইফালে,আজি দিনৰ ১১ বজাত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় শ্বহীদ জোৱানজনৰ।

আনহাতে,অসম চৰকাৰে বীৰ জোৱানজনৰ পৰিয়াললৈ ইতিমধ্যে ঘোষণা কৰিছে ২০ লাখ টকাৰ এককালীন সাহায্য।

 

Your Comments