নিউজ ডেস্ক :
ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে আজি অনুষ্ঠিত হোৱা সোনোৱাল চৰকাৰৰ কেবিনেট বৈঠকে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত চৰকাৰী কৰ্মচাৰীৰ পদোন্নতি টাইম স্কেলৰ জৰিয়তে নিৰ্দিষ্ট সময়ত লাভ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।ইয়াৰ উপৰিও গাঁওবুঢ়া নিযুক্তিৰ সন্দৰ্ভত আজি বৈঠত লোৱা হয় আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি দুটাতকৈ অধিক সন্তান থকা লোকে গাওঁবুঢ়া পদৰ বাবে এতিয়াৰ পৰা আৰু আবেদন কৰিব নোৱাৰিব। লগতে গাওঁবুঢ়াৰ হবলৈ বয়সৰ নিম্নসীমা ২৫ বছৰলৈ হ্ৰাস কৰিবলৈয়ো আজিৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে পূৰ্বতে গাওঁবুঢ়া পদৰ বাবে নূন্যতম প্ৰয়োজনীয় বয়স আছিল নিম্নতম ৩৫বছৰ।
ইফালে আজি কেবিনেট বৈঠকতে ৰাজ্যৰ ৬ স্বায়তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী আৰু সদস্য সকলৰ দৰমহা পূৰ্বৰ তুলনাত তিনিগুণৰ পৰা পাঁচগুণ পয্যন্ত বৃদ্ধি কৰাৰো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।সেই অনুসৰি পূৰ্বতে মুখ্যকাৰ্যবাহী সদস্য সকলে লাভ কৰা ১৬ হাজাৰ দৰমহাৰ ঠাইত এতিয়া লাভ কৰিব ৪৫ হাজাৰ টকা।একেদৰে সদস্য সকলে পূৰ্বতে লাভ কৰা ৫ হাজাৰ টকাৰ ঠাইত এতিয়াৰ পৰা লাভ কৰিব ২৫ হাজাৰ টকাৰ দৰমহা। আজি কেবিনেট বৈঠত এইসমূহ সিদ্ধান্তৰ উপৰিও সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ বৰ্তমানৰ ভূমি নীতি সংশোধন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।একেদৰে আজিৰ বৈঠকতে বহিৰাজ্যত দেশ সেৱাৰ বাবে গৈ শ্বহীদ হ'ব লগা জোৱান সকলৰ বাবেও লোৱা হয় আন কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি প্ৰতিগৰাকী বীৰ শ্বহীদৰ পৰিয়াললৈ এতিয়াৰে পৰা ৰাজ্যচৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব ২০লাখ টকাৰ এককালীন সাহাৰ্য্য।
- Log in to post comments
- 122 views