জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা:
ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ৰমজান মাহ চলি থকাৰ সময়তে নগাঁও জিলাৰ ধিং সমষ্টিৰ দগাঁওত বুধবাৰে কংগ্ৰেছ দলে এক ইফতাৰৰ আয়োজন কৰে ৷ দগাঁৱৰ ধিং গাঁও জামেমছজিদত আয়োজন কৰা ইফতাৰত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ও চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা আৰু সাংসদ গৌৰব গগৈয়ে ৷ সংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত গৌৰৱ গগৈয়ে একজিট পল হ'ল টিভি চেনেলৰ টি আৰ পি বঢ়োৱাৰ একো একোটা উপাদানৰ লগতে মনোৰঞ্জন আহিলা৷ কলিয়াবৰ লোকসভা সমষ্টিৰ সকলো ৰাইজে তেওঁক কৰা মৰমৰ বাবে গগৈয়ে ধন্যবাদ জ্ঞাপন কৰে ৷
- Log in to post comments
- 33 views