ৱাহিদুদ জামান,নগাঁও,২২ মে':
নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী কেতবোৰ অঞ্চলত একাংশ ড্ৰাগছ মাফিয়াৰ পৃষ্ঠপোষকতাত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি আছে।এই ড্ৰাগছ মাফিয়া সকলে কেতবোৰ ড্ৰাগছ ব্যৱসায়ীৰ জৰিয়তে নিৰ্বিঘ্নে চহৰ খনৰ লগতে জিলা খনৰ কেতবোৰ অঞ্চলত হেৰ'ইন, ব্ৰাউন চুগাৰ, ভাং আৰু অন্য বহু নিচাযুক্ত ঔষধ বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে।এই ড্ৰাগছৰ বেহাত একাংশ মহিলা সদস্যও জড়িত থকাৰ তথ্যও ইতিমধ্যে পোহৰলৈ আহিছে।এই ড্ৰাগছৰ কৱলত পৰি যুৱ প্ৰজন্মৰ একাংশ মৃত্যুৰ মুখলৈ গতি কৰিছে।আনকি ড্ৰাগছ সেৱন কৰা কে'বাজনো যুৱকৰ ইতিমধ্যে অকাল মৃত্যু ঘটিছে।ইপিনে, ড্ৰাগছ আসক্ত যুৱক সকলে ড্ৰাগছ ক্ৰয় কৰিবলৈ প্ৰয়োজনীয় ধন যোগাৰ কৰিবৰ বাবেই চুৰি, ডকাইতি, বিভিন্ন লোকৰ পৰা টকাৰ বেগ কাঢ়ি লৈ যোৱা, মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যোৱা আদি অপৰাধ মূলক কাৰ্যত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।
শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও চহৰ খনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত এই নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা বন্ধ হোৱা নাই।ইতিমধ্যে নগাঁও আৰক্ষীয়ে অভিযান চলাই কেইবাজনো কুখ্যাত ড্ৰাগছ মাফিয়া, ড্ৰাগছ ব্যৱসায়ী, ড্ৰাগছ ব্যৱসায়ী দলৰ মহিলা সদস্যাক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।তৎসত্বেও ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম্য কিঞ্চিতো কমা নাই।
আজিও দুপৰীয়া নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত অভিযান চলাই নগাঁও চহৰৰ সমীপবৰ্তী চিলঙনী ভকতগাঁৱৰ পৰা প্ৰায় ৫ কোটি টকাৰ মূল্যৰ হেৰ’ইন জব্দ কৰাৰ লগতে বাহাৰুউদ্দিন নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।ধৃত বাহাৰুদ্দিনৰ ঘৰ জুৰীয়াত। আৰক্ষীয়ে ভকতগাঁৱৰ ইক্ৰামুল নামৰ ব্যক্তিজনৰ ঘৰৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ বিষয়ে তথ্য লাভ কৰাত তেওঁৰ ঘৰত আজি দুপৰীয়া ঘৰত এই অভিয়ান চলাই বৃহৎ পৰিমাণৰ (৩.৫কেজি) হেৰ'ইনখিনি জব্দ কৰে।
আৰক্ষীয়ে অভিযানত চাৰিখন মটৰচাইকেল সহ দুটা ম'বাইল হেণ্ডছেট জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা মটৰ চাইকেল কেইখনৰ নম্বৰ সমূহ হ'ল এ এছ ০২ চি ৪৮৫৫(স্প্লেণ্ডা),এ এছ০১ জে ৫০৫৮(য়ামাহা),এ এছ০২চি ৩৩৫০(গ্লেমাৰ)আৰু এ এছ ০২ এফ ৯৫৭৪(পেছন)।ঘৰটোৰ গৰাকী ইক্ৰামুল বৰ্তমান পলাতক অৱস্থাত আছে।তেওঁৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।আনহাতে, ইক্ৰামূলক গ্ৰেপ্তাৰ কৰাৰ প্ৰায় আধা ঘন্টাৰ পাছতেই নগাঁও আৰক্ষীয়ে চহৰ খনৰ পাৰ্শ্বৱৰ্তী চলচলিৰ পৰা ছফিকুল ইছলাম নামৰ আন এজন ড্ৰাগছ ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে।ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনক সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।
- Log in to post comments
- 17 views