নগাঁও,২২ মে :
নগাঁও সংমণ্ডল বন বিষয়া ৰাজেন চৌধুৰীৰ নেতৃত্বত যোৱা বন বিভাগৰ এটি দলে আজি অভিযান চলাই নগাঁৱৰ পানীখাইটি আৰু চলচলিৰ পৰা দুটা অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ।
নগাঁও সংমণ্ডল বন বিভাগে নগাঁও আৰক্ষীৰ সহযোগত আজি দুপৰীয়া পানীখাইটিৰ আব্দুল মুন্নাফ আৰু ছলছলিৰ নিপুল আহমেদৰ লগতে চলচলিৰ নজৰুল হুছেইনৰ অবৈধ কাঠফলা মিল দুটা জব্দ কৰে। তদুপৰি বন বিভাগে টুটুমণি শইকীয়াৰ ঘৰৰ পৰা বুজন পৰিমানৰ ছেগুন কাঠ জব্দ কৰে। বন বিভাগৰ এই অভিযানৰ সময়ত নগাঁও সদৰ বন আঞ্চলিক বিষয়া জয়ন্ত গোস্বামীয়েও অংশ গ্ৰহণ কৰে।
ৱাহিদুদ জামান
- Log in to post comments
- 54 views