বঙাইগাঁৱত দুৰ্বৃত্তই লুটি নিলে ১লাখ ৪০ হাজাৰ টকা 

fir

বঙাইগাঁওঃ ২২ মেঃ

বঙাইগাঁও চহৰৰ পাগলাস্থানস্থিত চিলাৰায় উৰণীয়া সেতুৰ ওচৰত মঙলবাৰে দিনৰ ভাগত এক ধন লুটৰ ঘটনা সংঘটিত হয় ৷ মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে বেংকৰ পৰা ধন উলিয়াই মটৰ চাইকেলেৰে গৈ থকা লোক এজনক পাগলাস্থানৰ উৰণীয়া সেতুৰ ওচৰত খুন্দিয়াই বগৰাই লোকজনৰ ধনখিনি লুট কৰি নিয়ে ৷ দুৰ্বৃত্তৰ দলটোৱে নগদ ১ লাখ  ৪০ হাজাৰ টকা লুট কৰি উধাও হয় ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ সহৰ আলি নামৰ লোকজনে দিনৰ ১২ঃ ৩০ মান বজাত ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ পৰা মুঠ দুই লাখ টকা উলিয়ায় ৷ লোকজনে বেংকৰ পৰা উলিওৱা দুই লাখ টকাৰ ভিতৰত ৬০ হাজাৰ টকা নিজৰ পকেটত ভৰায় আৰু বাকী ১ লাখ ৪০  হাজাৰ টকা এটা পলিথিনৰ মোনাত ভৰাই নিজৰ এ এচ -১৯ এইচ ১৫১৪ নম্বৰৰ মটৰ চাইকেলখনৰ হেন্দেলত লৈ চহৰখনৰ মায়াপুৰীৰ দিশৰ পৰা পাগলাস্থানৰ দিশে গৈ থকা অৱস্থাত চিলাৰায় উৰণীয়া সেতুৰ ওচৰত হঠাতে মটৰ চাইকেলেৰে পিচ পিচে গৈ থকা দুজন অচিনাক্ত দুৰ্বৃত্তই সহৰ আলিৰ মটৰ চাইকেলত জোৰে খুন্দিয়ায় ৷ ফলত সহৰ আলি মটৰ চাইকেলসহ বাগৰি পৰে আৰু এই চেগতে দুৰ্বৃত্তই ধনৰ মোনাখন কাঢ়ি লৈ উধাও হয় ৷

পিচত ধন লুটৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী সহৰ আলিয়ে বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰত ধন লুট, মটৰ চাইকেল চুৰিৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ৷ কিন্তু তৎস্বত্বেও আৰক্ষী প্ৰশাসনৰ গা লৰা পৰিলক্ষিত হোৱা নাই ৷ ইপিনে এই দুস্কাৰ্যত জড়িতসকলৰ প্ৰায় সংখ্যকে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ৷ ফলত চুবুৰীয়া ৰাজ্যখনৰ পৰা অসমলৈ আহি বঙাইগাঁৱৰ লগতে বিভিন্ন ঠাইত দুস্কাৰ্য সংঘটিত কৰি আহিছে যদিও এই দুস্কাৰ্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ তাৰোপৰি এই দুস্কাৰ্যত জড়িতসকলে ধন লুটৰ বাবে নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷

Your Comments