বঙাইগাঁওঃ২২ মেঃ
বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মঙলবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত নৱজ্যোতি সংঘত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিখন গঠনৰ উদ্দেশ্যে এইন সাধাৰণ সভা অনুষ্ঠিত হয় ৷ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই সাধাৰণ সভাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিখন নতুনকৈ গঠন কৰা হয় ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰী সভাপতি মানস কোঁৱৰ আৰু সম্পাদক বিদ্যুত শইকীয়াৰ উপস্থিতিত অনুষ্ঠিত এই সাধাৰণ সভাত বিক্ৰম ৰায়ক সভাপতি, মণিৰুজ জামাল , কুলদ্বিপ সিংহক কাৰ্যকৰী সভাপতি আৰু উত্তম সূত্ৰধৰ আৰু মাছুম ৰেজাক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ২২ জনীয়া সদস্যৰে বঙাইগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিখন গঠন কৰা হয় ৷ সভাত কেন্দ্ৰীয় নেতৃত্বই সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে বিভিন্ন দিশ সম্পৰ্কে বক্তব্য ৰাখে ৷ সভাত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক নন্দন দেৱনাথ আদিও উপস্থিত থাকে ৷
- Log in to post comments
- 8 views