হাইস্কুল শিক্ষান্ত পৰীক্ষাত দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীৰ উন্নত ফলাফল

dal

দলগাঁৱৰ প্ৰতিবেদক

 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে তিনিগৰাকী ছাত্ৰীয়ে। বিদ্যালয়খনৰ ছাত্ৰী দিক্ষিতা বৰুৱাই।তেওঁ সমাজ অধ্যয়নত ১০০ শতাংশ নম্বৰ লাভ কৰে।চবনম নাৰ্গীছ খানম,গাগৰী শইকীয়ায়ো ভাল ফলাফল প্ৰদৰ্শন কৰে।

 

বিদ্যালয়খনৰ ৬১গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৩ গৰাকীয়ে ডিষ্টিংশ্যন নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। সাতগৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে।১৩ গৰাকীয়ে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত ২৮ গৰাকী, তৃতীয় বিভাগত ১১ গৰাকী  উত্তীৰ্ণ হয়।ছাত্ৰী তিনিগৰাকীৰ ঘৰত দলগাঁও সাংবাদিক, আব্দুল আজিজ, আবুল খায়েৰ, ইমাৰ আলি, ৰিকি দাস উপস্থিত হয়। তেওঁলোকক দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে সকলো দিশত সহায়- সহযোগিতা আগবঢ়াইছিল।

Your Comments