দলগাঁৱত বোৱাৰী হত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

dalgaon

দলগাঁৱৰ পৰা ৰিকি দাস

ৰাজ্যত অব্যাহত আছে বোৱাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ দৰং জিলাৰ দলগাঁৱত সংঘটিত হৈছে  বোৱাৰী হত্যাৰ ঘটনা।প্রাপ্ত তথ্য মতে,এজিলা খাতুন(১৬) নামৰ এগৰাকী নাবালিকাৰ লগত অভিযুক্ত (স্বামী) আজিজুৰ ৰহমানৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। ইফালে,আজিজুৰ পূৰ্বৰ পৰাই দুই সন্তানৰ পিতৃ আছিলে । আজিৰ পৰা ছমাহ আগত পলাই গৈ দুয়ো বিবাহপাশত আৱদ্ধ হয় যদিও স্বামীৰ পৰিয়ালটোৱে ন-বোৱাৰীক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে মৃত এজিলা খাতুনৰ পৰিয়ালে।


সোমবাৰে হঠাৎ বোৱাৰী এজিলাৰ মৃত্যু হোৱাত দলগাঁৱৰ ৰোহিনীকাষত চাঞ্চল্যৰ সৃষ্টি হৈছে ।ইফালে,এজিলাৰ পৰিয়ালে হত্যাৰ অভিযোগ তুলি দলগাঁও থানাত এজাহাৰ দাখিল কৰিছে।দলগাঁও আৰক্ষীয়ে এজিলাৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাবলৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।  ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Your Comments