বৰগাছাত বড়িগোগ বৰভাগ আঞ্চলিক ব'হাগী উৎসৱৰ আয়োজন

bihu

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্রতিবেদন :
মিলনজ্যোতি সংঘৰ উদ্যোগত অহা ২৫ মে'ত দিনজোৰা কাৰ্য্যসূচীৰে বৰগাছা দুৰ্গা মন্দিৰ প্ৰাংগণত ৪০ সংখ্যক বড়িগোগ বৰভাগ আঞ্চলিক ব’হাগী উৎসৱৰ আয়োজন কৰিছে৷ উৎসৱৰ লগত সংগতি ৰাখি সেইদিনা পুৱা ৭ বজাত বিহুৰ পতাকা উত্তোলন,৭-৩০ বজাত ৩৯ জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৩৯ খন পতাকা উত্তোলন,৮-৩০ বজাত ছহিদ তৰ্পণ,৯ বজাত গছপুলি ৰোপণ,১০ বজাত খেল-ধেমালি প্ৰতিযোগিতা,১১-৩০ বজাত সমূহীয়া চাফাই,সন্ধিয়া ৬-৩০ বজাত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান ,সন্ধিয়া ৭-৩০ বজাত আমন্ত্ৰিত বিহু হুচৰি দলৰ বিহু হুচৰি প্ৰদৰ্শন,নিশা ৯ বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান 'সুৰৰ অলকানন্দা'৷ 


উৎসৱ পৰিচালনাৰ বাবে অৰূপ কুমাৰ ডেকাক সভাপতি,যোগেন তালুকদাৰক কাৰ্যকৰী সভাপতি;গণি চৌধুৰী,প্ৰকাশ হুজুৰী,পৰমেশ্বৰ বড়ো উপসভাপতি;ৰাজু তালুকদাৰক মুখ্য সম্পাদক ;চাইফুদ্দিন আহমেদ,শশাংক তালুকদাৰ,অলকেশ হুজুৰীক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি ইতিমধ্যে গঠন কৰা হৈছে।

Your Comments