নলবাৰীৰ পৰা হেমন্ত কলিতা
বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ লাৰকুছিৰ এগৰাকী কাঠমিস্ত্ৰিয়ে পেলনীয়া প্লাষ্টিকৰ পৰা উদ্ভাৱন কৰিছে ইন্ধন।লাৰকুছি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ খুৰছেদ আহমেদ নামৰ কাঠমিস্ত্ৰীগৰাকীয়ে কোনো প্ৰযুক্তিবিদ্যা নোহোৱাকৈ পেলনীয়া প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰি নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে।এটা বন্ধ ড্ৰামত প্লাষ্টিকসমূহ ভৰাই তপতাই লৈ বিশেষ পদ্ধতিৰে ক্ৰমে পেট্ৰ'ল,ডিজেল আদি প্ৰস্তুত কৰে।খুৰছেদৰ প্ৰচেষ্টাত প্ৰস্তুত হোৱা এই পেট্ৰল,ডিজেল পৰীক্ষামূলকভাৱে স্থানীয় যুৱকসকলে মটৰ বাইক,টেম্প আদিত ব্যৱহাৰ কৰি পৰীক্ষা কৰিছে।
উল্লেখযোগ্য যে কাঠমিস্ত্ৰি খুৰছেদে নেপালত এনেদৰে প্লাষ্টিকৰ পৰা ইন্ধন প্ৰস্তুত কৰা দেখিছিল আৰু তাৰ পৰাই কিছু জ্ঞান আহৰণ কৰি যথেষ্ট কষ্টৰে নিজে ইন্ধন প্ৰস্তুত কৰিবলৈ সক্ষম হয় খুৰছেদৰ এই প্ৰচেষ্টাই এতিয়া সমগ্ৰ বৰক্ষেত্ৰীতে ব্যাপক চৰ্চা লাভ কৰিছে।খুৰছেদে ঘৰতে কেনেদৰে ইন্ধন প্ৰস্তুত কৰিছে,সেই দৃশ্য চাবলৈ খুৰছেদৰ ঘৰত বহু লোকে ভিৰ কৰিছেহি।
২নং লাৰকুছিৰ ৰহমত আলীৰ পুত্ৰ খুৰছেদ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সাধাৰণ কাঠমিস্ত্ৰী।সেয়েহে তেওঁ অসম চৰকাৰৰ পৰা কিছু সহায় সহযোগ বিচাৰিছে।চৰকাৰে সহায় কৰিলে আৰু অধিক উন্নত পদ্ধতিৰে ইন্ধন প্ৰস্তুত কৰি ৰাইজক কম মূল্যতে যোগান ধৰিব খুৰছেদে।
- Log in to post comments
- 11 views