লংকাৰ পৰা মনোজ কুমাৰ পাঠক
বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰকৃত নমুনা পৰিলক্ষিত হৈছে লংকাত।পথ নিৰ্মাণ কৰিছে, কিন্তু নিৰ্মাণৰ পিছতে জহি- খহি যাবলৈ ধৰিছে নতুনকৈ নিৰ্মাণ কৰাৰ পথ।পথ নিৰ্মাণৰ বাবে ধন আবন্টিত হৈছে ঠিকেই,কিন্তু আবন্টিত ধনৰ যেন সঠিক প্ৰয়োগ হোৱা নাই এই পথসমূহত।পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নৌহওঁতে জহি-খহি যোৱাৰ উপক্ৰম হৈছে নৱনিৰ্মিত পথ।আগন্তুক বাৰিষাৰ পূৰ্বে লংকাৰ বাট-পথসমূহ সম্পূৰ্ণ কৰাৰ বাবে গড়কাপ্তানী বিভাগে খৰটকীয়াকৈ নিৰ্মাণ কৰিছে পথসমূহ |কিন্তু,লংকাৰ ৭ নং ৱাৰ্ডৰ সাৰদানন্দ পথছোৱাৰ নিৰ্মাণৰ পিছতেই এই ৰূপ লোৱাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী।পথ নিৰ্মাণত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ বিষয়া,ঠিকাদাৰে ব্যৱহাৰ কৰিছে বুলি অভিযোগ উঠিছে।
ইফালে, লংকা ২ নং ৰে'ল গেটৰ পৰা বাইপাছ সংযোগী পথছোৱাৰো অৱস্থা একেই |দ্ৰুতগতিত আগবাঢ়িছে পথ নিৰ্মাণৰ কাম |কোনটো ইয়াতো নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে পথ।পথ নিৰ্মাণত ব্যৱহৃত ব্লকসমূহ অতি নিম্ন মানৰ হোৱাৰ বাবে পথ নিৰ্মাণৰ পিছতেই এইদৰেই ব্লকসমূহৰ প্ৰলেপ এৰি যায় | আনহাতে বৰ্তমান ৰাস্তাত পানী নিদিয়াৰ ফলত ধূলিময় পৰিৱেশৰো সৃষ্টি হৈছে।ফলত ,যাতায়তৰ ক্ষেত্ৰত ৰাইজে যমৰ যাতনা ভুগিব লগা হৈছে।এই ক্ষেত্ৰত স্থানীয় লোকে গড়কাপ্তানী বিভাগৰ বিষয়া- কৰ্মচাৰীক পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বিষয়ে অভিযোগ কৰিছে যদিও বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । লগতে,বিষয়া আৰু ঠিকাদাৰৰ গোপন বুজাবুজি আছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।
- Log in to post comments
- 37 views