ভাওৰাগুৰিত যৌতুকক কেন্দ্ৰ কৰি বোৱাৰীৰ ভাতৃক প্ৰাণে মৰাৰ প্ৰচেষ্টা

22

গোসাঁইগাঁৱৰ পৰা মাণিক ইছলাম

 

যোৱা ১৭ মে'ত আমিনুৰ আলী নামৰ এজন যুৱকক ভাওৰাগুৰিৰ ঘাইপথত কুঠাৰ আৰু লাঠিৰে তিনিজন লোকে নিৰ্মমভাৱে  আক্ৰমণ কৰিছিল।গুৰুতৰভাৱে আহত যুৱকজনক স্থানীয় বাসিন্দাই ততাতৈয়াকৈ গোসাঁইগাঁও অসামৰিক চিকিৎসালায়লৈ লৈ যায় যদিও অৱস্থা জটিল হোৱাত চিকিৎসকে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে।জানিব পৰামতে  চাৰি বছৰ পূৰ্বে গোসাঁইগাঁও মহাকুমাস্থিত ১ নং হুদুমখাতাৰ বাসিন্দা আমিনুৰ আলীৰ ভগ্নী আকলিমা খাতুন ভাওৰাগুৰিৰ সাতবিলৰ জহুৰুল ইছলামৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। আকলিমা এগৰাকী  কন্যা সন্তানৰ মাতৃ হোৱাৰ কিছুদিন পিছৰ পৰাই তেওঁক যৌতুকৰ বাবে জহুৰুলকে ধৰি  গোটেই পৰিয়ালটোৱে শাৰীৰিক আৰু মানসিক-নিৰ্যাতন চলাই আহিছিল।উল্লেখ্য যে একেৰাহে নিৰ্যাতনৰ বলি হোৱা আকলিমা বৰ্তমান  ৮ মহীয়া গৰ্ভৱতী।নিজৰ সন্তানৰ নিৰাপত্তাৰ খাতিৰত বোৱাৰীজনীয়ে ফোনযোগে ভাতৃক নিজা ঘৰলৈ লৈ যাবলৈ মাতে। এই কাৰণেই আকলিমাৰ শহুৰ দাৰোগ আলীয়ে গাঁওবুঢ়াক মাতি বিচাৰ দি বোৱাৰী ঘৰলৈ গ'লে তালাক দি যাব লাগিব বুলি উল্লেখ কৰে।

 

বিচাৰখনত গাওঁবুঢ়াই বোৱাৰীজনীক কিছুদিনৰ বাবে ঘৰলৈ যোৱাৰ বাবে নিৰ্দেশ দিয়ে যদিও দাৰোগ আলিয়ে উক্ত সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰে।পিছলৈ  আমিনুৰ আলীয়ে ভগ্নীক ঘৰলৈ নিবলৈ আহি দাৰোগ আলীৰ পত্নীসহ  দুই পুত্ৰ ক্ৰমে ৰফিকুল ইছলক আৰু জহুৰুল ইছলামৰ নিৰ্মম প্ৰহাৰৰ কবলত পৰে।তেতিয়া,আকলিমাই ভাতৃক বচাবলৈ যোৱাত  দাৰোগ আলীয়ে বোৱাৰীজনীৰ পেটত গোৰ মাৰি পেলাই ভৰিৰে গছকি ধৰা বুলি প্ৰত্যক্ষদর্শীয়ে সাংবাদিকক জনায়।

 

ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত আমিনুৰ আলীৰ পৰিয়ালবৰ্গই সোমবাৰে বিয়লি ভাওৰাগুৰি আৰক্ষী চকীত এখন এজাহাৰ দিয়ে।আনহাতে আহত আমিনুৰ আলীৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজ তথা দল- সংগঠনে ঘটনাটোৰ তীব্ৰ নিন্দা কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ  দাবী জনায়।

Your Comments