কল্যাণজ্যোতি বুঢ়াগোঁহাই, শিৱসাগৰ
শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত সোমবাৰে দিন যোৰা কাৰ্যসূচীৰে এক বিশেষ ৰাজহ শিবিৰৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এচ লক্ষ্মণনে উক্ত শিবিৰত উপস্থিত থাকি শিৱসাগৰ ৰাজহ চক্ৰ বিভাগৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে উক্ত শিবিৰত ৰাইজৰ বিপুল সঁহাৰি দেখি সন্তুষ্টি প্ৰকাশ কৰে।
উল্লেখ্য যে, শিৱসাগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাঁচটা মৌজা ক্ৰমে নগৰমহল, বেতবাৰী, কোঁৱৰপুৰ, মেটেকা, বনগাওঁ আৰু জকাইচুকৰ অন্তৰ্গত বহু ব্যক্তিয়ে মাটিৰ খাজানা ১০ বছৰৰো অধিক সময়ৰ খাজানা অনাদায় হৈ আছিল। উক্ত শিবিৰৰ জড়িয়তে এই সকল ব্যক্তিয়ে খাজানা আদায় দিয়াৰ ব্যৱস্থা কৰা হয়। লগতে ভূমি বা ৰাজহ সম্পৰ্কীয় যিকোনো বিষয়ে আবেদন কৰাৰো সুবিধা প্ৰদান কৰা হয় এই শিবিৰত।
শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া সম্প্ৰিতী গোস্বামীয়ে জনোৱা মতে, শিৱসাগৰ ৰাজহ চক্ৰৰ পাঁচখন মৌজাৰ প্ৰায় ৭০০ জন ব্যক্তিৰ ১০ বছৰ বা ১০ বছৰতকৈ অধিক কাল খাজানা অনাদায় হৈ থকাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল। এই বিশেষ শিবিৰৰ জড়িয়তে প্ৰায় দুই লাখ ছয়চল্লিশ হাজাৰ টকাৰ ৰাজহ সংগ্ৰহ কৰা হয়। ইয়াৰোপৰি ২৮০ খন ভূমি আৰু ৰাজহ সম্পৰ্কীয় আবেদন পত্ৰ গ্ৰহণ কৰে বুলি শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
- Log in to post comments
- 16 views