মৰিগাঁৱত এন আৰ চিৰ ভুৱা নথি যোগান ধৰি আৰক্ষীৰ জালত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী 

marigaon

জিতুমনি নাথ,মৰিগাঁও ,২০  মে : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত একাংশ লোকে ভূৱা নথি পত্ৰৰে নিজৰ নাম সোমোৱাবলৈ  ভূৱা নথি পত্ৰৰে  সহযোগিতা কৰা চক্ৰ এটাৰ ২ জন লোকক মৰিগাঁও আৰক্ষীয়ে ১৭ মে'ত গ্ৰেপ্তাৰ কৰাৰ পাছতেই আজি মৰিগাঁও স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ  কৰ্মচাৰী জনৰ নাম হৈছে প্ৰবোধ হাজৰিকা।  স্বাস্থ্য বিভাগৰ এই কৰ্মচাৰী জনক  ভূৱা জন্মৰ প্ৰমানপত্ৰ প্ৰস্তুত কৰাৰ  অভিযোগত  মৰিগাঁও আৰক্ষীয়ে আজি কাৰ্বিআংলং জিলাৰ বকলিয়াঘাটৰ পৰা পলায়ন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে।   উল্লেখ্য যে  জাগীৰোডৰ এটা এন আৰ চি  পৰীক্ষণ কেন্দ্ৰই ৰোকচানা খাতুন নামৰ মহিলাগৰাকীক তেওঁৰ নথিপত্ৰ এন আৰ চি  কেন্দ্ৰত পুনৰীক্ষণৰ বাবে কতৃপক্ষক জমা দিবলৈ কোৱাত  মহিলাগৰাকীয়ে জমা দিয়ে৷

মহিলাগৰাকীৰ জন্মৰ প্ৰমান পত্ৰত  দুটাকৈ জন্মৰ তাৰিখ  (১-১-০১)  আৰু (১-১-১৯৯৬) বুলি উল্লেখ থকাৰ লগতে দুয়োখন জন্মৰ প্ৰমানপত্ৰৰে ক্ৰমিক নং ০৯৪৭২৮ আৰু ২৯৯৭২৮ বুলি উল্লেখ থকাত এন আৰ চি পৰীক্ষণ বিষয়া গৰাকীয়ে জাগীৰোড থানাত ২৯৭/১৯ নং এক গোচৰ ৰুজু কৰে ৷ সেইমৰ্মে আৰক্ষীয়ে অভিযান চলাই মৈৰাবাৰী বৰথল দলৈগাৱৰ পৰা মোজ্জামিল হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে মোজ্জামিলৰ স্বীকাৰোক্তিৰ ভিত্তিত গৰৈমাৰী বিল নিগম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হজৰত আলীক কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে ধৃত লোক দুজনৰ জিম্মাৰ পৰা ৭১ খন জন্মৰ প্ৰমান পত্ৰ, দুখন মৃত্যুৰ প্ৰমানপত্ৰ, ১৩ খন পান কাৰ্ড, ১৫৮ খন গাঁওবুঢ়াৰ প্ৰমানপত্ৰ আৰু চাৰি খন ভোটৰ আই ডি কাৰ্ডৰ লগতে বিভিন্ন ধৰণৰ নথিপত্ৰ জব্দ কৰে।

ভূৱা নথি পত্ৰ  চক্ৰটোত আৰু বহুলোক জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰাৰ পাছতেই আজি মৰিগাঁও স্বাস্থ্য বিভাগৰ কৰ্মচাৰী প্ৰবোধ হাজৰিকায়ো আৰক্ষীৰ জালত পৰি গ্ৰেপ্তাৰ হ'বলগীয়া হয়। এই ঘটনাৰ লগত জড়িত আৰু কেইবাজনো চৰকাৰী কৰ্মচাৰী শীঘ্ৰেই  আৰক্ষীৰ জালত পৰা সম্ভাৱনা আছে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে।

Your Comments