বঙাইগাঁৱত ভোট গণনা কাৰ্যৰ লগত জড়িত বিষয়া - কৰ্মচাৰীসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান 

bgn

বঙাইগাঁওঃ ২০ মেঃ

 সমগ্ৰ দেশৰ লগতে অহা ২৩ মে'ত ৬ নং বৰপেটা লোক সভা সমষ্টিৰ অন্তৰ্গত ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া সপ্তদশ লোক সভা নিৰ্বাচনৰ ভোটগণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণ ভাবে সম্পন্ন কৰাৰ বাবে আজি বঙাইগাঁও জিলা প্ৰশাসনে স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত ভোট গণনা কাৰ্যৰ বাবে নিয়োগ কৰা কাউন্টিং চুপাৰভাইজৰ , মাইক্ৰ অবজাৰভাৰ  আৰু কাউন্টিং এছিছটেন্টসকলে ভোট গণনাৰ দিনা পালন কৰিবলগীয়া দায়িত্বসমূহৰ সন্দৰ্ভত দ্বিতীয় পৰ্যায়ৰ  প্ৰশিক্ষণ অনুষ্ঠিত কৰে ।

bgn2 বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে সভাপতিত্ব কৰা প্ৰশিক্ষণ কাৰ্যসূচীত জিলা তথ্য বিষয়া বিজয় মজুমদাৰে গণনা কাৰ্যৰ বাবে ল'বলগীয়া সাৱধানতা আৰু বিভিন্ন প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে । আনহাতে  জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত আদিল খানৰ পৰামৰ্শ অনুসৰি অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে অৰূপ কুমাৰ শৰ্মা আৰু অনুপম ডেকাই বিভিন্ন নিৰ্বাচনী বিধিসমূহ অৱগত কৰি ভোট গণনাৰ বাবে নিয়োগ কৰা বিষয়া -কৰ্মচাৰীসকলক নিজৰ নিজৰ দায়িত্ব ভালদৰে বুজিলৈ সততা আৰু সাৱধানতা অবলম্বন কৰি নিষ্ঠাসহকাৰে গণনা কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনায় । এই প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস , নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়াৰ উপৰিও বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে ।

Your Comments