সোণাৰিৰ পৰা ঘন বৰা
দেওবাৰে নিশা পাৰ হৈ যোৱা প্ৰচণ্ড ধুমুহাত উজনি অসমৰ প্ৰধানকৈ চৰাইদেউ জিলাৰ সাপেখাতীৰ লখিমী পাম,শালকাঠনী ,পূব বালিখেতীয়া, বিহুবৰ, বৰুৱানগৰ ,বৰহাট ,বাঘমৰিয়াল আদি অঞ্চলত বিস্তৰ ক্ষতিসাধন হয়।প্ৰচণ্ড ধুমুহাই ব্যক্তিগত খণ্ডৰ বিদ্যালয় 'মৰ্ণিংষ্টাৰ একাডেমি'ৰ বিস্তৰ ক্ষতিসাধন হয়৷ধুমুহাৰ ফলত কিছু গছ ভাঙি বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত পৰাত বহুখিনি তাঁৰ ছিগি পৰে।গছ বাগৰি পৰাৰ বাবে একাংশ বিদ্যুৎ খুঁটা ভাগি যোৱাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।গছ বাগৰি পৰাৰ বাবে বহুকেইটা পথো বন্ধ হৈ পৰে।
ধুমুহাৰ প্ৰভাৱত শালকাঠনী বাগিচাৰ প্ৰায় ডেৰশ পৰিয়াল,পূব বালিখেতীয়াৰ প্ৰায় পোন্ধৰটা,লখিমীপামৰ প্ৰায় ডেৰশটা ,বাঘ মৰিয়ালৰ প্ৰায় দহটা পৰিয়ালৰ আৱাসৰ যথেষ্ট ক্ষতিসাধন হয়। বৰুৱানগৰ,বৰহাট অঞ্চলৰো বহু পৰিয়ালৰ ঘৰ ধুমুহাই ভাঙে।ধুমুহাৰ প্ৰভাৱত শালকাঠনীৰ এজন লোক গুৰুতৰভাৱে আহত হয়। আন কেইবাজনো লোক কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ।
- Log in to post comments
- 28 views