তামুলপুৰৰ পৰা অভিজিৎ তালুকদাৰ
এনআৰচিৰ আপত্তিৰ নামত ৰাইজক কৰা হাৰাশাস্তি বন্ধ কৰা আৰু অসমত এখন শুদ্ধ আৰু বিদেশীমুক্ত এনআৰচি প্ৰস্তুত কৰাৰ দাবীত সোমবাৰে তামুলপুৰত এবিএমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচ'ক বাকৰিত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে এনআৰচিৰ নামত অত্যাচাৰ নচলিব,বিদেশীৰ নামত স্বদেশীক কৰা হাৰাশাস্তি বন্ধ কৰক ,আমাক এখন শুদ্ধ এনআৰচি লাগিবই , এনআৰচিৰ আপত্তিৰ নামত হাৰাশাস্তি বন্ধ কৰক,ভুৱা আপত্তিকাৰী গো বেক,অসম চৰকাৰ মিচলীয়া,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, হাগ্ৰামা মহিলাৰী লেই লেই চেই চেই ,উই ৱান্ট জাষ্টিছ আদি ধ্বনিৰে তামুলপুৰৰ আকাশ- বতাহ কঁপাই তোলে ।
- Log in to post comments
- 10 views