গোসাঁইগাঁৱত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

gg

গোসাঁইগাঁৱৰ পৰা মাণিক ইছলাম

 

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোসাঁইগাঁও মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা ডিষ্টিংচন নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ- ছাত্ৰীসকলক আজি গোসাঁইগাঁও প্ৰেছ  ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।গোসাঁইগাঁও প্ৰেছ ক্লাবৰ সভাপতি হাফিজুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত  মুঠ ২২ গৰাকী বিদ্যাৰ্থীক আজি গোসাঁইগাঁও
প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা,মানপত্ৰ আৰু এখনকৈ অভিধান দি বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

 

সম্বৰ্ধনা সভাত গোসাঁইগাঁও মহাবিদ্যালয়ৰ  ইংৰাজী বিভাগৰ অধ্যাপক জয়নাল আবেদিন, অৱসৰপ্ৰাপ্ত অধ্যক্ষা মেঘলা বসু চন্দ, গোসাঁইগাঁও নগৰ সমিতিৰ সভাপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী,সেনাৰ মেজৰ প্ৰদীপ নায়াৰ,মহকুমা আৰক্ষী বিষয়া বিদ্যুৎ বিকাশ বৰা ভূঞা,বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু কৃতী ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

Your Comments