'২১ত সোনাইৰ পৰা বিধানসভা নিৰ্বাচন খেলিব যুৱনেতা ছুফিয়ান আহমেদ লস্কৰে

barak

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
 

কাছাৰ জিলাৰ সোনাই বিধানসভা সমষ্টিৰ পৰা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব উদীয়মান যুৱনেতা ছুফিয়ান  আহমেদ লস্কৰ।দেওবাৰে সংবাদ মাধ্যমৰ আগত  এই বিষয়ে জানিবলৈ দিছে  যুৱনেতাজনে।
কোন দলৰ হৈ  নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বুলি  সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়-'মই এতিয়াও দল ঠিক কৰা নাই।সোনাই সমষ্টিৰ ৰাইজৰ মত লৈ মই সঠিক সময়ত  ঠিৰাং কৰিম দলৰ পৰা নে নির্দলীয় হৈ নিৰ্বাচন খেলিম।'ছুফিয়ানে কয় যে সোনাইৰ যুৱ সমাজ তেওঁৰ লগত আছে।তেওঁ যি দলৰ টিকটতেই  খেলিব,তেওঁৰ জয় হ'ব।

Your Comments